মঙলবাৰে নিশা জাক পাতি গাড়ী লৈ আহিছিল ডকাইত

মঙলদৈঃ সহজে ধন ঘটাৰ বাবে একাংশ লোকে সৰল পথৰ পৰা আঁতৰি বক্ৰ পথ বাছি লোৱা দেখা যায়৷ চোৰি, ডকাইতি, ঠগ, প্ৰৱঞ্চনা কৰি একাংশ লোকে ধন ঘটাৰ চেষ্টা কৰে৷ তাৰ মাজতে যুৱকৰ দল এটাই গুৱাহাটীৰ পৰা গাড়ীৰে গৈ মঙলদৈত ডকাইতি কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰায় ১৮ জনীয়া ডকাইতৰ যুৱকৰ দলটোৰ ১৩জন আৰক্ষীৰ জালত পৰে৷ জানিব পৰা মতে, দৰং জিলাৰ মঙলদৈৰ ৰূপহীচ’কত দৰং আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ১৩জন ডকাইতক৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত সাতখলিৰ ৰফিজুল হকৰ ঘৰত নিশা প্ৰবেশ কৰি পৰিয়ালৰ সদস্যক অস্ত্ৰ দেখুৱাই আৱদ্ধ ধৰি আলমিৰাৰ পৰা নগদ ধন সোণ-ৰূপৰ আ-অলংকাৰ লুটি নিছিল দলটোৱে৷

পৰিয়ালটোত লুটি নিয়াৰ পিছতে পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে বিশেষ অভিযান চলাই পিছে পিছে খেদি জালত পেলাই দলটোক৷ দলটোৰ পৰা মোবাইল, খুকৰি, আ-অলংকাৰৰ লগতে ২.১৪ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দৰং আৰক্ষীয়ে৷ দলটোৰ সৈতে আছে এগৰাকী আৰক্ষীত পূৰ্বে কাম কৰা হোমগাৰ্ডও৷