নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধেমাজিত মোডীৰ প্ৰতিকৃতি দাহ

চিচিবৰগাওঁঃ ধেমাজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত বধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজি নগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্য্যসূচীত ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, সাংস্কৃতিক সম্পাদক পোলেন দাস, সাংগঠনিক সম্পাদক ৰুস্তম ৰেগন, ধেমাজি সদৰ আঞ্চলিক সমিতি সভাপতি ভুপেন দিহিঙীয়া, সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়াৰ লগতে পৰিষদৰ শতাধিক কৰ্মী উপস্থিত থাকে।