কাৰ্বি পাহাৰৰ উচ্চ চূড়াত কোটি কোটি টকাত আৱৰি ধৰিছে হাবি-জংঘল

খেৰণিঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে কাৰ্বি পাহাৰৰ উন্নয়ণৰ বাবে কোটি কোটি টকা অৱন্টন দি আহিছে যদিও সেই টকা ব্যৱহাৰ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ কেৱল সেয়াই নহয় কাৰ্বি পৰিষদ তথা ৰাজ্য চৰকাৰে কাৰ্বি আংলঙত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও আঁচনি সমূহ তদাৰক নকৰাৰ ফলত জহি-খহি যোৱা পৰিলক্ষিত হয়৷

কোটি কোটি টকা খৰচ কৰি কাৰ্বি পাহাৰৰ খান্দোলিত পৰ্যটকৰ বাবে নিৰ্মাণ কৰা এটি ভৱন জহি-খহি যাবলৈ আৰম্ভ কৰাত এনে প্ৰশ্ন উত্থাপন হৈছে। নৈতিক দায়িত্ব, যত্ন আৰু সংৰক্ষনৰ অভাৱত অসম-মেঘালয় সীমান্তৰ কাৰ্বি পাহাৰৰ খান্দোলিত নিৰ্মাণ কৰা ৰাজমহলসদৃশ কোটি টকীয়া খান্দোলি পৰ্যাটক ভৱন জহি-খহি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে।

কাৰ্বি পাহাৰত চৰকাৰী ধন আত্মসাৎ কৰাৰ বাবে কেৱল চৰকাৰী আঁচনি ৰূপায়ন কৰা হয় নে আন কোনো মহান উদ্দেশ্য আৰু লক্ষ্য লৈহে পাহাৰীয়া জিলাখনত আঁচনি ৰূপায়ন কৰা হয় তাক লৈ প্ৰশ্ন উত্থাপন হৈছে? প্ৰকৃতিৰ ৰম্যভূমি খ্যাত কাৰ্বি ভূমি অতীজৰে পৰা মানুহক আকৰ্ষণ কৰি আহিছে। প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কাৰ্বি আংলং জিলাত পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা আছে৷

জিলাখনৰ কিছু কিছু ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে৷ পৰ্যটকৰ বাবে ৰম্যভূমি হৈ পৰিব পৰা জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ এক আকৰ্ষণ গঢ়ি তুলিবৰ বাবে অসম পৰ্যটন উদ্যোগৰ অধিনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে কাৰ্বি পাহাৰৰ খান্দোলিত নিৰ্মাণ কৰিছিল পৰ্যটক ভৱন। কিন্তু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছতেই যেন দায়িত্ব শেষ হ'ল সকলোৰে৷

প্ৰায় ১৭-১৮ বছৰ পূৰ্বে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাজ-অট্টালিকাসদৃশ ভৱনটো এতিয়া যত্ন, নৈতিক দায়িত্ব আৰু সংৰক্ষনৰ অভাৱত সম্প্ৰতি জহি-খহি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে। ভৱনটোত পৰ্যটকৰ বাবে সুব্যৱস্থা থকাটো বাদেই ভৱনটোৰ যত্ন নিৰীক্ষণ কৰিবৰ বাবেও কোনো লোক নাই। সংশ্লিষ্ট বিভাগ আৰু কাৰ্বি পৰিষদৰ সদিচ্ছাৰ অভাৱত ভৱনটো সম্প্ৰতি হাবি জংঘলে আৱৰি ধৰিছে৷

কিহৰ অভাৱত প্ৰকৃততে এই ভৱনটো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিৰ আঁতৰত ৰ'ল? কাৰ্বি পৰিষদ এখন থকাৰ পিছতো এজনৰ পাছত আনজন মুখ্য কাৰ্যবাহী সদস্য হ'ল, পিছে কাৰো দৃষ্টি নপৰিল এই ভৱনটোত।

ভিতৰুৱা দুৰ্গম অঞ্চলৰ পাহাৰৰ উচ্চ চূড়াত এইদৰে কোটি কোটি টকা ব্যয় কৰি ভৱন নিৰ্মাণ কৰাটো কি চৰকাৰী বিষয়া অথবা শাসনৰ বাঘজৰী হাতত লোৱা নেতা পালিনেতা সকলে চৰকাৰী ধন আত্মসাৎ কৰাৰ এক উত্তম উপায় হিচাপে বাচি লৈছিল নেকি, নে আন কোনো মহান উদ্দেশ্য আৰু লক্ষ্য লৈহে পাহাৰীয়া জিলাখনৰ খন্দোলিত এই ভৱনটো নিৰ্মাণ কৰিছিল? এই প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে৷