
ৰঙিয়া/নলবাৰী/মঙলদৈ/চৰাইদেউ/কাজিৰঙাঃ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷ যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জনসাধৰণ৷
বানপানী, গৰাখহনীয়া, হাতীৰ উপদ্ৰৱ, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাটৰ সমস্যাত ককবকাই থাকিব লগা হোৱা অসমীয়াই আজি এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ তাৰ মাজতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ সংগঠনটোৱে সৰৱ হৈ পৰিছে৷

বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি বছৰ বছৰ ধৰি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷
বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷

আকৌ ৰাজ পথলৈ ওলাই আহিব লগা হৈছে অসমৰ দুৰ্ভগীয়া ৰাইজ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়ে অসমৰ অন্যতম জাতীয়তাবাদী সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ ৰাজ্যজুৰি যুৱ-ছত্ৰ পৰিষদে বুধবাৰে অসমৰ ৰাজ পথত দেশৰ প্ৰধানমন্ত্ৰীক প্ৰতিকী ঘেৰাও কৰে৷ ৰাজ্যজুৰি সংগঠনটোৱে ব্যতিক্ৰম কাৰ্যসূচীৰে কেন্দ্ৰ মোডী চৰকাৰক সকীয়াই দি কোনো কাৰণতে অসমত অবৈধ নাগৰিকক সংস্থাপন দিব দিয়া নহ’ব বুলি কয়৷
NNO ৰঙিয়াঃ ৰঙিয়াত যুৱ-ছাত্ৰ পৰিষদে প্ৰধানমন্ত্ৰীক ঘেৰাও কৰে৷ বাংলাদেশ, নেপাল, পাকিস্থান আৰু আফগানিস্থানৰ হিন্দু নাগৰিকক ভাৰতৰ নাগৰিকত্ব দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰিব বিছৰা কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিকী ঘেৰাও কৰে৷ সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমান আৰু সাধাৰণ সম্পাদক কৰেন্দ্ৰ কলিতাৰ নেতৃত্বত ৰপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৰ সদস্যসকলে নৰেন্দ্ৰ মোডী হুচিয়াৰ, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ কাৰ্যসূচীত সংগঠটোৰ কেন্দ্ৰীয় উপদেষ্টা জ্যোতিৰ্ময় কলিতা, আমন্ত্ৰিত উপদেষ্টা ৰঞ্জন উপাধ্যায়, যুটীয়া সম্পাদক বিদ্যুৎ ডেকাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷ নৰেন্দ্ৰ মোডী চৰকাৰে অসমীয়াৰ বিৰুদ্ধে গভীৰ চক্ৰান্তত লিপ্ত হৈছে বুলি কয় ৰঞ্জন উপাধ্যায়ে৷ অসমীয়া জাতিক চিৰকাললৈ নিশকটীয়া কৰি অসমৰ সম্পদ নিৰ্বিঘ্নে লুন্ঠন চলোৱাৰ উদ্দেশ্যৰেই বাংলাদেশৰ হিন্দুসকলক অসমত সংস্থাপিত কৰিব বিচাৰিছে বুলিও কয় ৰঞ্জনে৷ কিন্তু এনে হ’বলৈ দিয়া নহ’ব বুলি কৈ অসমীয়া জাতিৰ প্ৰতিজন সদস্যই শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে কেন্দ্ৰৰ এই কূটিল ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ বাবে প্ৰস্তুত আছে বুলি কয় সংগঠনটোৰ নেতা ৰঞ্জনে৷

NNO নলবাৰীঃ নলবাৰীতো যুৱ-ছাত্ৰ পৰিষদে প্ৰধানমন্ত্ৰীক ঘেৰাও কৰে৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰিব বিছৰা কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘেৰাও কৰি সংশোধনী আইন বাতিল কৰাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
NNO মঙলদৈঃ মঙলদৈত নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ প্ৰতিকৃতি ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে। NRC সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা চলোৱাৰ বিৰোধী কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ কৰ্মকৰ্তা সকলে। যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী বিৰোধী শ্ল’গানৰে ৰাজপথ উত্তাল কৰি তোলে।

NNO চৰাইদেউঃ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত তথা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজাৰ প্ৰতিবাদত চৰাইদেউতো প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিৰ ভজো চাৰিআলিত দেশৰ প্ৰধানমন্ত্ৰী প্ৰতিকৃতি ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব দিয়া ন’হব আদি শ্ল'গান দিয়ে।
NNO কাজিৰঙাঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰি অসমলৈ হিন্দু বাংলাদেশী আনিব বিছৰা কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাথাত জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ ৰাজপথত প্ৰধানমন্ত্ৰীৰ প্ৰতীকি ঘেৰাও কৰি হিন্দু বাংলাদেশীক অসমলৈ আনিব খোজা কাৰ্যক ধিক্কাৰ দিয়ে৷