
নলবাৰীঃ এগৰাকী স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীৰ বাকৰিকুছিত৷ বাকৰিকুছি গাঁৱৰ তাছমিনা নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে উত্তেজনাৰ সৃষ্টি হৈছে৷
শহুৰ আৰু স্বামীয়ে বোৱাৰীগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হয়৷ জানিব পৰা মতে, বাকৰিকুছি গাঁৱৰ চিৰাজ আলীৰ কন্যা তাছমিনাই দুই বছৰ বেগমে প্ৰেম সুত্ৰে বিবাহপাশত আৱদ্ধ হৈছিল একেখন গাঁৱৰে ইব্ৰাহীম আলীৰ পুত্ৰ জয়নাল আলীৰ সৈতে।
বিবাহৰ পিছৰে পৰা তাছমিনা আৰু জয়নাল আলীৰ সংসাৰ থিকেই চলি আছিল৷ লাহে লাহে স্বামী আৰু শহুৰে কিছুদিন যোৱাৰ পিছত তাছমিনাৰ ওপৰত নানা কথাক লৈ শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈ আহে। স্থানীয় ৰাইজ তথা সংখ্যালঘু সংগঠন আমছুৱে জয়নাল আলীৰ ঘৰলৈ গৈ সমাধানৰ চেষ্টা কৰিছিল।
তাৰ মাজতে এটা বন্ধ কোঠাৰ ভিতৰত তাছমিনাৰ মৃতদেহ উদ্ধাৰ হয়৷ হাত ভৰি বান্ধি ডিঙি চেপি হত্যা কৰা বুলি স্বামী জয়নাল আলী আৰু শহুৰ ইব্ৰাহীম আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তাছমিনাৰ পিতৃয়ে অভিযোগ কৰা মতে, তাছমিনাৰ স্বামী জয়নালে যৌতুক হিচাপে ১ লাখ টকা দাবী কৰিছিল৷
তাছমিনাৰ পিতৃয়ে তছমিনাৰ মৃতদেহ উদ্ধাৰৰ পিছতে স্থানীয় থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বামী জয়নাল আৰু শহুৰ ইব্ৰাহীমক আটক কৰি সোধা পোছা কৰে। আনহাতে তাছমিনাৰ মৃতদেহ নলবাৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয়। স্বামীৰ পৰিয়ালে তাছমিনাই আত্মহত্যা কৰা বুলি কয়৷