দেশ-বিদেশত সমাদৃত হ’ব অৰুণাচলৰ দাম্বোকৰ কমলা

জোনাইঃ জাৰৰ দিনত কমলা কিমান জনপ্রিয় সেই কথা কোৱাৰ প্ৰয়োজন নাই। দেখাত সুন্দৰ, সুস্বাদু, সুগন্ধী, ভিটামিন ‘চি’ যুক্ত কমলা অসমৰ গাঁৱে-ভূঞে খেতি কৰা হয়৷ চাহিদা বৃদ্ধিৰ লগে লগে মুল্যও বৃদ্ধিও হৈছে কমলাৰ৷ ইখন দেশৰ পৰা সিখন দেশলৈ আমদানি-ৰপ্তানিও হয় কমলাৰ। আমাৰ ৰাজ্য খনৰ গ্ৰাম্য অঞ্চলত তামোল গছৰ মাজত প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে কমলাৰ গছ থাকিবই৷

জাৰৰ দিনত কমলা গছত ওলমি থকাৰ দৃশ্য গ্ৰাম্য অঞ্চলৰে এক সুন্দৰতা৷ গ্ৰাম্য অঞ্চলৰ বহু পৰিয়ালে লাহে লাহে কমলাৰ খেতি কৰা আৰম্ভ কৰিছে৷ কমলা খেতিৰে স্বাৱলম্বী হোৱাও দেখা যায়৷ ভুটান, ভাৰত, পাকিস্তান, চীন, দক্ষিণ আফ্রিকা, অষ্ট্ৰেলিয়া, ব্রাজিল, আমেৰিকাৰ দৰে দেশত অত্যধিক উৎপাদন হয় কমলা৷ এনে দেশবোৰ কমলাৰ বাবে বিখ্যাত৷ আধুনিক পদ্ধতিত কমলা খেতি কৰিব আৰম্ভ কৰাত কমলাৰ উৎপাদন দিনক দিনে বৃদ্ধি হৈছে।

একপ্ৰকাৰ বন ঔষধ কমল শুকান ছাল, শৰীৰৰ দুর্বলতা নিৰাময় কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আনহাতে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নামনি দিবাং ভেলি জিলাৰ দাম্বোক অঞ্চল কমলাৰ বাবে বিখ্যাত৷ যোৱা ১৫ ডিচেম্বৰ পৰা ১৮ ডিচেম্বৰলৈ অৰেঞ্জ ফেষ্টিভেল অনুষ্ঠিত হয় দাম্বোকত। যিদৰে কাশ্মীৰৰ আপেল সমগ্র দেশতে সমাদৰ লাভ কৰিছে তেনেদৰে অৰুণাচলৰ কমলাক বিশ্বৰ দৰবাৰত সমাদৰ লাভ কৰাৰ স্বাৰ্থত যোৱা চাৰি বছৰ ধৰি দাম্বোকত অৰেঞ্জ ফেষ্টিভেল অনুষ্ঠিত হৈ আহিছে।

দেশৰ ভিতৰতে অৰুণাচল দাম্বোকৰ কমলা মিঠা আৰু দেখাত ধুনীয়া। অৰেঞ্জ ফেষ্টিভেলত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা পৰা পৰ্যটক অহাৰ লগতে বিদেশৰ পৰাওঁ পৰ্যটক আহে। ইদেশ বিদেশৰ মিউজিক বেণ্ডৰ সদস্য নৃত্য-গীত পৰিবেশন কৰে আৰু নিজৰ নিজৰ কলা-কৌশল প্ৰৰ্দশন কৰে। যোৱা ১৫ ডিচেম্বৰত স্থানীয় বিধায়ক পোম টায়েঙে আনুষ্ঠানিক ভাৱে অৰেঞ্জ ফেষ্টিভেল মুকলি কৰে। জেকে টায়াৰৰ মুখ্য বানিজ্যিক প্ৰৱন্ধক বি মালহোত্ৰাই ফ্লেগ দেখাই এভেঞ্জাৰৰ প্ৰতিযোগিতা