
নলবাৰীঃ নলবাৰীৰ ধনতোলাৰ পাগলদিয়া নৈৰ পাৰৰ ৫০০ বিঘা ভূমিত কেইজনমান যুৱকে স্থাপন কৰা জ্যোতি ফাৰ্মাছ ক্লাৱত অলপতে দুগ্ধ পালনৰ গাই গৰু পালনৰ অানুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
উল্লেখ্য, একাংশ শিক্ষিত নিবনুৱাৰ প্ৰচেষ্টাত ২০১৩ চনত স্থাপন হোৱ জ্যোতি ফাৰ্মাছ ক্লাৱে ৩০০বিঘা মাটিত ৰঙালাও, অমিতা, কল, কুহিয়াৰ,জলকীয়া, মটৰ খেতি কৰি অঞ্চলটোত এক অাদৰ্শ হৈ পৰিছে।
প্ৰাঞ্জল, পংকজ, জয়ন্ত, ৰাতুল, দিনেশ, মাধৱ, দিনেশ(২), কমল, মুকুল, প্ৰতাপ নামৰ লোক কেইজনে জ্যোতি ফাৰ্মাছ ক্লাৱত নতুন কৈ সংযোজন কৰে গাই গৰু পালনৰ।
নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশীৰ উপস্থিত নলবাৰী জিলা পশু চিকিৎসা বিষয়া ডাঃ সুৰেন শৰ্মা, খানাপাৰা পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া ডাঃ বাবুল শৰ্মা উপস্থিত থাকি দুগ্ধ উদপাদন কৰিব খোজা কাৰ্যৰ শলাগ লয়।