জনজাতিকৰণ, ৰঙিয়াত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ৰঙিয়াঃ ৰাজ্যৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ কলিতা জনগোষ্ঠীৰ লোকসকল আজিও লাঞ্চিত বঞ্চিত৷ যোৱা কেইবাটাও বছৰ ধৰি জনগোষ্ঠীটোৰ লোকসকলে প্ৰতিবাদ কৰি আহিছে যদিও কোনো এখন চৰকাৰে জনগোষ্ঠীটোৰ সমস্যাক তথা দাবীক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

জনগোষ্ঠীটোৰ ক্ষোভিত লোকসকলে বৃহস্পতিবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বিৰদত্ত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাশতাধিক পুৰুষ-মহিলা, যুৱকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত আৰু কলিতা জনগোষ্ঠী যুৱ মঞ্চৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি জনগোষ্ঠীটোৰ কেইবাটাও সমস্যা সমাধানৰ দাবী জনায়৷ কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে কলিতা জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ বাবে ৫০ শতাংশ চাকৰি সংৰক্ষণ কৰাৰ দাবী জনায়৷

লোকসভা, বিধানসভাৰ আসন সংৰক্ষণ কৰা, ছাত্ৰ-ছাত্ৰীক জলপানী দিয়াৰ ব্যৱস্থা কৰা, অসম আন্দোলনত শ্বহীদ হোৱা কলিতা জনগোষ্ঠীৰ লোকসকলক সাহায্য প্ৰদান কৰা, ইউ পি এছ চি আৰু এ পি এছ চিত কলিতা জনগোষ্ঠীৰ প্ৰাৰ্থীসকলৰ সংৰক্ষণ ব্যৱস্থা কৰাৰ দাবী জনায় সংগঠন দুটাই৷

বীৰ কলিতা ৰজা ভগদত্তৰ নামত প্ৰকল্প স্থাপনৰ বাবে গুৱাহাটীত ভূমি আৱন্টন দিয়া, বিটিএডিৰ ১০টা সমষ্টি কলিতাৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায় জনগোষ্ঠীটোৰ হৈ মাত মাতি অহা সংগঠন দুটাই৷ ১৪টা দাবী উত্থাপন কৰি ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ কাৰ্যসূচীত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি অনুপ দত্ত, সম্পাদক দেৱজিৎ হাজৰিকা, কলিতা জনগোষ্ঠীৰ উপ-সভাপতি ভাস্কৰ কলিতা উপস্থিত থাকে।