
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত পুনৰ জালত পৰিল এনডিএফবি (স)ৰ কেডাৰ৷
বৃহস্পতিবাৰে জিলাখনৰ বম্বা অঞ্চলত কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীয়ে যৌথ অভিযান চলাই। অভিযান কালত কোকৰাঝাৰ জিলাৰ বিশমুৰী বদ্ৰমপুৰৰ এনডিএফবি (স)ৰ সদস্য দৈছা বসুমতাৰী ওৰফে বি ডাহাল (২৩) জালত পৰে৷
এনডিএফবি (স)ৰ সদস্য জনৰ পৰা এটা পিষ্টল, দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু সেনাই।
সদস্যগৰাকী ম্যানমাৰত প্ৰশিক্ষিত বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰি এনডিএফবি সদস্যগৰাকী ধন দাবী, ধন সংগ্ৰহ আৰু দুষ্কাৰ্যমূলক ঘটনাৰ সতে জড়িত আছিল বুলি দাবী কৰে নিৰাপত্তাৰক্ষীয়ে।