
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমীপৰ লচিমাত বৃহস্পতিবাৰে অগ্নিকাণ্ড সংঘটিত হৈ বিস্তৰ ক্ষতি সাধন হয়৷ জানিব পৰা মতে, এটি পৰিয়ালৰ বাস গৃহ সম্পত্তি জুইত জাহ যায়৷
আব্দুল হাতেম আলী নামৰ লোকজনৰ বাসগৃহ সহ সকলো সম্পত্তি জুইত জাহ যায়৷ হঠাৎ আব্দুলৰ ঘৰৰ ভিতৰত অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগি যদিও যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও সফল নহল৷
প্ৰায় বিশ লক্ষাধিক টকাৰ সম্পত্তি বিধ্বংসী অগ্নিকাণ্ড জাহ যায়৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷