জাগুনত হাতীৰ তাণ্ডৱ, ভাঙি চুৰমাৰ কৰিলে ৪টা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

লিডুঃ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফৰ চৰকাৰৰ দিনত এতিয়া হাজাৰ লোকৰ নিদ্ৰাহৰণ হৈছে৷ মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষা দিব নোৱাৰাৰ বাবে কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰি তথা কাঠগৰাত বহুৱাই ভোট লোৱা বিজেপি, অগপ আৰু বিপিএফে এতিয়া সকলো পাৰহি গ’ল৷

বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া নিতৌ হাজাৰ লোকে উজাগৰে নিশা কটাব লগীয়া হৈছে তথাপিও ভ্ৰুক্ষেপ নাই চৰকাৰ খনৰ৷ সমগ্ৰ ৰাজ্যতেই হাতী মানুহৰ সংঘাতে এক ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ ৰামপুৰ ছয় মাইলত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ উপদ্ৰৱত এতিয়া নিদ্ৰাহৰণ হৈছে ৰাইজৰ৷

বুধবাৰে নিশা প্ৰায় ৮ বজাত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰে ৪ টাকৈ পৰিয়ালৰ বাসগৃহ। ছয় মাইল ৰামপুৰ গাঁৱৰ টেকনাথ শৰ্মা, এমনাথ শৰ্মা, গোবিন্দ শৰ্মা, আৰু কৃষ্ণ শৰ্মাৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে ঘৰৰ বিভিন্ন সা-সামগ্ৰী আচ-বাব লণ্ড ভণ্ড কৰে।

বনৰীয়া হাতিৰ আক্ৰমণৰ পৰা কথমপি প্ৰান ৰক্ষা পৰে চাৰিটাকৈ পৰিয়ালৰ। দীৰ্ঘ দিন ধৰি হাতীৰ উপদ্ৰৱ ৰামপুৰবাসী ৰাইজৰ বাবে যেন এক অভিশাপ স্বৰূপ হৈ পৰিছে৷ প্ৰতিটো নিশাই তীব্ৰ উৎকণ্ঠা আৰু ভয় আতংকৰ মাজেৰে পাৰ কৰে ৰামপুৰবাসীয়ে। জাকে জাকে হাতীয়ে পকা ধান খাই নষ্ট কৰে৷ তথাপিও ঘোৰ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ৷