
গোৰেশ্বৰঃ সমগ্ৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে বিটিএডিত ক্ৰমান্বয়ে বলিছে ভিচিডিচি নিৰ্বাচনৰ বতাহ৷ ভিচিডিচি নিৰ্বাচনৰ বতাহ বলিব আৰম্ভ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি, অসমে৷ ৰাজ্য চৰকাৰে বিটিএডি এলেকাত ভিচিডিচি নিৰ্বাচনৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত গঠন কৰি দিয়া নিৰ্বাচনী সমিতিলৈ আদৰণি জনাইছ অবড়ো সুৰক্ষা সমিতিয়ে।
এক বিবৃতি যোগে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই নিৰ্বাচনী সমিতিক আদৰণি জনাই ভিচিডিচি নিৰ্বাচনৰ দ্বাৰা হাগ্ৰামা বাহিনীৰ এক নায়কত্ববাদী চৰিত্ৰৰ ওঁৰ পৰিব বুলি আশা প্ৰকাশ কৰে অবড়ো সুৰক্ষা সমিতিয়ে।
বিটিচি প্ৰশাসনে সাজু কৰি দিয়া ৭৫ শতাংশ জনজাতিৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আমি মানি নলওঁ বুলি হুংকাৰ দিয়ে সংগঠনটোৱে। জনগাঁথনিৰ ভিত্তিত আসন সংৰক্ষণ ব্যৱস্থা কৰক নতুবা ৫০/৫০ আসন সংৰক্ষণৰ ব্যৱস্থা কৰক বুলি কয় কলিতাই।
বিশ শতাংশ বড়োৰ বাবে ৭৫ শতাংশ ভিচিডিচি আসন সংৰক্ষিত কৰি ৮০ শতাংশ অবড়োৰ বাবে ২০ শতাংশ ভিচিডিৰ আসন মুকলিকৈ ৰখাটোৱে অবড়োসকলক শোষণ, শাসন কৰাৰ বাহিৰে আন একো নহয় বুলি কয়। জনজাতিৰ বাবে ৭৫ শতাংশ ভিচিডিচি আসন সংৰক্ষণৰ ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হ'ব লগীয়া ভিচিডিৰ নিৰ্বাচন আমি অবৈধ বুলি গণ্য কৰি ইয়াৰ প্ৰতিবাদত যি কোনো প্ৰতিবাদী কাৰ্য্যসূচী ল'বলৈ বাধ্য হ'ম বুলি সকীয়াই দিয়ে অবড়ো সুৰক্ষা সমিতিৰ নেতা যোগেশ্বৰে।