
অভয়াপুৰীঃ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ গ্ৰামোন্নয়নৰ কাম-কাজ পৰ্যবেক্ষণ কৰে৷
জিলা খনৰ উন্নয়ন খণ্ড সমূহ পৰিদৰ্শন কৰে ভানুৱে৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সৃজনগ্ৰাম, বইটামাৰী আৰু টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ কাম কাজ পৰ্যবেক্ষণ কৰে৷ বিয়লি প্ৰায় ৩.৩০ বজাত মহকুমাটোৰ টাপাট্ৰাৰী উন্নয়ন খণ্ডত উপস্থিত হৈ গ্ৰামোন্নয়নৰ বিভাগৰ কাম-কাজৰ চোৱাৰ লগতে বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয়৷
ত্ৰয়োদশ বিত্তীয় আয়োগৰ অধীনত ২০১৪-১৫বৰ্ষত অনুমোদিত এক কোটি ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে উন্নয়ন খণ্ডটোৱে নিৰ্মাণ কৰি উলিওৱা সৰ্বাৰ্থসাধক গৃহটো ৰাজ্যৰ চৰকাৰ খনৰ অতিৰিক্ত মুখ্য সচিব জনে আনুষ্ঠানিক ভাবে মুকলি কৰে। অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ সমূহৰ ভূ লোৱাৰ উদ্দেশ্যে তেও ৰাজ্য খনৰ ২১৯টা উন্নয়ন খণ্ড পৰিদৰ্শন কৰিব।