ছাত্ৰ নেতাক বৰ্বৰ আক্ৰমণ, আমছু-মটক যুৱ-ছাত্ৰ পৰিষদৰ ধিক্কাৰ

ডিব্ৰুগড়ঃ চাহ বাগিচাৰ মালিকে শ্ৰমিকক গুলীয়াই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা গোলাঘাটৰ দুই ছাত্ৰ নেতা বিদ্যুৎ বিকাশ শইকীয়া আৰু দেৱব্ৰত শইকীয়াক ১৯ ডিচেম্বৰত গোলাঘাট আৰক্ষীয়ে ৰাজ পথত বগৰাই লাঠীৰে বৰ্বৰ ভাৱে প্ৰহাৰ কৰে৷ এই ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বগীধলা চাহ বাগিচাৰ শ্ৰমিকক গুলীওৱা আৰু আৰক্ষীয়ে ছাত্ৰ নেতাক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাক সহজে লব পৰা নাই ৰাজ্যবাসী তথা দল-সংগঠনে৷

চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে শ্ৰমিক তথা ৰাজ্যৰ দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ ঘটনা তথা গোলাঘাটৰ ছাতেৰ নেতাক আক্ৰমণ কৰা ঘটনাক কেইবাটাও সংগঠনে গৰিহণা দিয়ে৷ বগীধলা চাহ বাগিছাৰ শ্ৰমিকৰ ওপৰত গুলীচালনা কৰা সমীৰ ৰায় আৰু সুধীৰ ৰায়ক কঠোৰ শাস্তি প্ৰদান কৰা, শ্ৰমিকক উপযুক্ত সাহায্য প্ৰদান কৰা, উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী জনায় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে৷

চাহ শ্ৰমিক সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক প্ৰতিবাদ কৰিব যোৱাৰ সময়ত ছাত্ৰ নেতা বিদ্যুৎ শইকীয়া আৰু দেৱব্ৰত শইকীয়াক আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰা ঘটনাক গণতন্ত্ৰত কুঠাৰঘাত কৰা বুলি কয় সংগঠন দুটাই৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা ছফি আলম খানে সৰ্বানন্দ সোণোৱাল চৰকাৰে এনে কাণ্ডৰ জৰিয়তে ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে বুলি কয়।

আমছুৰ ডিব্ৰুগড় জিলাৰ সভাপতি ইমতিয়াজ আলিয়ে এয়া গণতান্ত্ৰক হত্যাৰ চেষ্টা বুলি কয়। শান্তিপূৰ্ণ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰা জনসাধাৰণে কি মৌলিক অধিকাৰ আশা কৰিব বুলি কয় আলিয়ে। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই শ্ৰমিকৰ হকে মাত মাতিব যোৱা যুৱকক মাৰ ধৰ কৰাৰ লগতে প্ৰাপ্য বিচাৰি যোৱা শ্ৰমিকক গুলীয়াই আহত কৰা অপৰাধীক চৰকাৰে ৰাজ আতিথ্য দি এইখন চৰকাৰ যে পুজিপতিৰ চৰকাৰ তাকে প্ৰমাণ কৰা বুলি কয়৷