
বেতবাৰীঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰৰ শিৱসাগৰ কলেজত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বছৰ বছৰ ধৰি মহাবিদ্যালয়খনৰ শিক্ষা সমাপ্ত কৰি ওলাই যোৱা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া কালৰ মধুৰ স্মৃতি লৈ আকৌ এবাৰ একত্ৰিত হ’ব৷
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনত তেওঁলোকৰ সোঁৱৰণিৰ পৃষ্ঠাবোৰ ৰোমন্থন কৰিব। অহা ২৩ আৰু ২৪ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ ১৯৪৭ চনত পাঠদান আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সন্মিলনখন উপস্থিত থাকিব। কলেজ চৌহ ৰং-বিৰঙেৰে সাজু কৰি তোলা হৈছে। ফুলনি কবি পদ্মধৰ চলিহাৰ অশেষ পৰিশ্ৰমৰ ফলশ্ৰুতিত ১৯৪৭ চনত প্ৰতিষ্ঠ কৰা শিৱসাগৰ কলেজে সগৌৰৱে ভৰি দিছে ৭১টা বছৰত।
দীঘলীয়া সময়ছোৱাত কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক মৰ্যাদা প্ৰদান কৰি সমাৰোহখন অনুষ্ঠিত কৰা হৈছে৷ ইতিমধ্যে দূৰ-দূৰণিৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আহি শিৱসাগৰত ভিৰ কৰিছেহি। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত কলেজ প্ৰতিষ্ঠাৰে শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ কৰা স্মৃতি বিজড়িত কালীপ্ৰসাদ মেমৰিয়েল হল প্ৰাংগনত পুৱা ৮ বজাত এগছি বন্তি প্ৰজ্বলনৰে সমাৰোহৰ শুভাৰম্ভ হ’ব।
কলেজ প্ৰাংগনত পুৱা ৯ বজাত পতাকা উত্তোলন, ১০-৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ১১ বজাত বন্তি প্ৰজ্বলন, সমবেত সংগীত আৰু তাৰ পিছতেই অনুষ্ঠিত হ'ব উদ্ধোধন অনুষ্ঠান। প্ৰাক্তন শিক্ষাগুৰু সকলক সম্বর্ধনা জনোৱাৰ লগতে কৃষ্ণ শইকীয়া আৰু নাজিউল্লা হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া সন্মিলনৰ স্মাৰক গ্ৰন্থ "আদ্যোত" উন্মোচন কৰা হ'ব।
২৪ ডিচেম্বৰত পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা, ১০ বজাত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰিব। সমাৰোহৰ দুয়োটা দিনত অনুষ্ঠিত হ'ব কবি সন্মিলন, ফুলনি কবি পদ্মধৰ চলিহাৰ সৃষ্টি তথা সাহিত্য জগতৰ অমূল্য গ্ৰন্থ "শিৱসাগৰ কলেজৰ চমু ইতিবৃত্ত" পুণৰ প্ৰকাশ কৰিব চিত্ৰ দুৱৰাই, অনামিকা গগৈৰ উপন্যাস "জয়াতীৰ্থৰ বুকুত জয়া", মনোৰঞ্জন বৰগোহাইৰ কাব্য পুথিকে ধৰি ভালেসংখ্যক প্ৰাক্তন শিক্ষাৰ্থীৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ'ব।