বালিপৰাত ৰেলৰ খুন্দাত ৬হাতীৰ মৃত্যু, তদন্তৰ দাবীত ৬ স্মাৰক পত্ৰ

তেজপুৰ টাউনঃ আঘোণৰ সোণালী ধানৰ পথাৰ ৰক্ষাৰ লগতে ঘৰ-বৰ, জীৱন-সম্পত্তি ৰক্ষা কৰিবৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে ৰাজ্যত৷ ৰাজ্যত প্ৰতিদিনে জাকে জাকে হাতী ওলাই আহি উপদ্ৰৱ চলাই গৈছে৷ বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাত তাণ্ডৱ চলাই গৈছে।

যোৱাটো বিধান সভা নিৰ্বাচনৰ সময়ত ব্যাপক প্ৰচাৰ চলাই মানুহৰ সমানে সমানে জীৱ-জন্তুকো নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি অসমৰ গাঁৱে-ভূঞে ভোট ভিক্ষা কৰিছিল তিনিওঁটা দলে৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত তেতিয়াৰ শাসক দল কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷

নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২০ মাহ পূৰ্বে শাসনৰ গাডী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ দৰেই আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যুক ৰোধ কৰিব পৰা নাই৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতে প্ৰতিদিনে বনৰীয়া হাতীৰ মৃত্যু হয়৷ শোণিতপুৰ জিলাৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা আদি অঞ্চলত হাতী-মানুহৰ সংঘাটে চূড়ান্ত পৰ্যায় পায়৷

যোৱা ১০ ডিচেম্বৰত বালিপৰাৰ বামগাঁৱৰ সমীপৰ ১১৩নং ৰে'লৱে ক্ৰছিঙত তীব্ৰবেগী ৰে'লৰ খুন্দাত ছটাকৈ হাতীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাই৷ এই ঘটনাই জিলা খনৰ লোকক বৰকৈ আঘাত দিয়ে৷ এই ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা সহ কেইবাটাও সংগঠনে চিন্তা ব্যক্ত কৰে৷ হাতী, মানুহৰ সংঘাট ৰোধ কৰাৰ লগতে বনৰীয়া হাতীৰ মৃত্যুৰোধ কৰাৰ দাবী জনায় আছু, অসম সেনাকে ধৰি ছয়টাকৈ সংগঠনে৷

সংগঠন কেইটাই পৃথকে পৃথকে চাৰিদুৱাৰ চক্ৰ বিষয়াক স্মাৰক পত্র প্ৰদান কৰে৷ বালিপৰা সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যানত অবাধ বেদখলৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ নাটনী হোৱাত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি আহিছে বুলি অভিোগ উত্থাপন কৰে সংগঠনকেইটাই৷ বন্যহস্তী তথা মানুহৰ নিৰাপত্তাৰ ক্ষেত্রত বন বিভাগৰ অমনোযোগিতা তথা চূড়ান্ত গাফিলতিৰ বাবে ১০ ডিচেম্বৰৰ ৬টাকৈ হাতীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷

আছু, অসম সেনা, নামেৰী সুৰক্ষা মঞ্চ, আগছু, বালিপৰা ব্যৱসায়ী সন্থা, মাৰোৱাৰী যুৱ মঞ্চকে আদি কৰি কেইবাটাও দল সংগঠনে ৰে'ল বিভাগে ৰে'ল চলাচলৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিলে এনে মৰ্মান্তিক ঘটনা সংঘটিত নহ’ল হেতেন বুলি কয়৷ ঘটনাৰ উচিত তদন্তৰ দ‍াবী উত্থাপন কৰি বালিপৰা অঞ্চলৰ বিশিষ্ট যুৱ সমাজসেৱক তথা অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়াই ৰঙাপৰা ৰেলৱে আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰে৷