
নলবাৰীঃ নলবাৰী জিলাৰ এতিহ্যমণ্ডিত গোপাল মহা প্ৰভূৰ ৬২ তম মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
বৃহস্পতিবাৰে নাট্যকাৰ শ্যমান্ত কুমাৰ বৈশ্যই মহোৎসৱৰ কাৰ্যালয় উদ্ধোধন কৰে। কাৰ্যালয় উদ্ধোধনত অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰমোদ তালুকদাৰ, কালিন্দ্ৰ তালুকদাৰ, ৰবিন তালুকদাৰ, সত্যৰাম তালুকদাৰ, ৬২ তম সভা মহোসৎৱ উদযাপন সমিতিৰ সভাপতি তৰুন ডেকা, সম্পাদক হিতেশ হালৈ, পুলক বৰ্মন উপস্থিত থাকে।
অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শ্ৰী শ্ৰী বাল গোপাল মহাপ্ৰভূৰ ৬২ তম সভা মহোৎসৱ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।