
বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰা সমীপৰ বৰপলহাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোক গুৰুতৰ ভাৱে আহত হয়৷
বাইহাটা চাৰিআলি অভিমুখে আহি নম্বৰ প্লেট বিহীন ৰয়েল এনফিল্ড মটৰ চাইকেল আৰু বিপৰীত দিশৰ পৰা এএচ-০১-বিভি-৭৪০৫ নম্বৰৰ তীব্ৰ বেগত অহা চুইফ্ট ডিজাইৰৰ মুখামুখি সংঘৰ্ষ লাগে। ফলত ৰয়েল এনফিল্ড চলাই অহা পাত্ৰপুৰৰ বিপুল ডেকা গুৰুতৰভাৱে আহত হয়।
পিছত ততোতয়াকৈ স্থানীয় ৰাইজে মটৰ চাইকেল আৰোহীজনক বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।