
ডিব্ৰুগড়ঃ কলা চিয়াহিৰে দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰাত গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷ শুকুৰবাৰে নিশাৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে পুৱাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰি এটি কনভয় যোগে গোৱালপাৰা অভিমুখে লৈ আহে৷

মৰাণ আৰক্ষী থানাৰ ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰত শুকুৰবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত জামিন লাভ কৰিছিল অখিল গগৈয়ে৷ ২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছে যদিও আশংকা কৰা অনুযায়ী অসম আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অখিলক৷
অসম আৰক্ষীয়ে গোৱালপাৰালৈ লৈ আহে পুনৰ গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈক। দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি দিয়াৰ গোচৰটোত অখিলৰ নাম নাই বুলি অভিযোগ উত্থাপন হৈছে৷ আনহাতে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ পিছতে উত্তাল হৈ পৰে ডিব্ৰুগড়৷ শ-শ লোকে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শ-শ লোক সমবেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰে যিকোনো প্ৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে কৃষক নেতা অখিল গগৈক জেলত ৰাখিব বিছৰাৰ অভিযোগ উত্থাপন কৰে৷

২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে ২২ ডিচেম্বৰত অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছিল পুনৰ আটক কৰাৰ আশংকা সত্য প্ৰমাণিত হ’ল৷ মুকলি আকাশৰ তললৈ ওলাই নাহিবৰ বাবে পুৰণি গোচৰত আটক কৰে চৰকাৰ তথা আৰক্ষীয়ে৷
ডিব্ৰুগড় আদালতে জামিন দিয়াৰ পিছতে ১১২/২০১৭ নম্বৰৰ গোৱালপাৰাৰ দুধনৈ থানাৰ গোচৰত অখিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ডিব্ৰুগড়ৰ চিজিএম কোৰ্টত দুধনৈৰ গোচৰ খাৰিজ কৰাৰ পিছতো আৰক্ষী যেন নাচোৰ বান্দা হৈ অখিলক গ্ৰেপ্তাৰ কৰিবলৈ৷ চৰকাৰে যিকোনো প্ৰকাৰে অখিলে মুকলি হোৱাটো বিছৰা নাই বুলি অভিযোগ উত্থাপন হয়৷ NSAৰ অধীনত আটক কৰি ন্যায়ালয়ত মুখ থেকেছা খোৱাৰ পিছতো অসম চৰকাৰে কৃষক নেতা অখিল গগৈৰ কোনো প্ৰকাৰে জড়িত নথকা দুধনৈ থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰে।