নগাঁৱত কমবয়সীয়া উদণ্ড চালকৰ দৌৰাত্ম, বৃদ্ধি পাইছে দুৰ্ঘটনা

নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা৷ জিলা পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতিৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ ৷

জিলাখনৰ সৰু-বৰ নগৰ-চহৰ কিম্বা ভিতৰুৱা অঞ্চলত দিনকদিনে বৃদ্ধি পাই অহা এনে দুৰ্ঘটনাবোৰৰ মূল কাৰণ হিচাপে জিলাখনত ক্ৰমাৎ সৰু-ডাঙৰ যান-বাহনৰ সংখ্যা বৃদ্ধি, অপ্ৰশিক্ষণপ্ৰাপ্ত অতি কম বয়সীয়া চালকৰ সীমাহীন উদ্ভণ্ডালি, যান-বাহনৰ গৰাকীৰ নিয়ন্ত্ৰণহীনতা, পৰিবহন বিভাগৰ দায়িত্বজ্ঞানহীনতা আদিকে চিহ্নিত কৰিব পাৰি৷

আজি কিছু বছৰৰ পৰা জিলাখনৰ চুকে-কোনে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে টেম্প’, মেজিক, উইংগাৰ, ট্ৰেভেলাৰ আদিৰ লগতে বিভিন্ন যাত্ৰীবাহী, মালবাহী যান-বাহনৰ সমান্তৰালকৈ নানা বিধ দুচকীয়া বাহনৰ সংখ্যা৷

আৰক্ষী-পৰিবহন বিভাগ তথা জিলা প্ৰশাসনৰ সম্পূৰ্ণ নিৰব ভূমিকাৰ ফলত ন্যূনতম জ্ঞান নথকা একাংশ চালকে পৰিবহন আইন উলংঘা কৰি চৰম মইমতালিৰে গাড়ী চলাই সঘনে বিভিন্ন স্থানত পথ দুৰ্ঘটনা সংঘটিত কৰি অহাৰ বিপৰীতে কিছুসংখ্যক গাড়ীচালকে প্ৰায়েই নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱাত বহুখিনি অৰিহণা যোগাইছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে৷

সম্প্ৰতি নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন স্থানত চালকৰ সীমাহীন উদ্ভণ্ডালি তথা মালবাহী ট্ৰাক আৰু লঘূ যান-বাহনৰ দৌৰাত্ম্যৰ বাবে সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাই পথচাৰীক ত্ৰাসিত কৰাৰ লগতে চিন্তিত কৰি তুলিছে৷ ইফালে, জিলাখনৰ লঘূ যাত্ৰীবাহী যান-বাহন চলোৱা সৰহসংখ্যক চালকৰে ড্ৰাইভিং লাইচেন্স নথকাৰ বিপৰীতে বহু চালকৰে বয়স আকৌ ১৮ বছৰৰ কম বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

যাত্ৰীবাহী বাহনবোৰে একমাত্ৰ ধন ঘটাৰ লোভত অত্যাধিক যাত্ৰী কঢ়িয়াই বিপজ্জনকভাৱে চলাচল কৰি থকাৰ বাবেও পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাত যথেষ্ট অৰিহণা যোগাই আহিছে৷ গতিকে ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষক চালকৰ উদ্ভণ্ডালি আৰু যান-বাহনৰ দৌৰাত্ম্য ৰুধ কৰাৰ ব্যৱস্থা শীঘ্ৰে হাতত ল’বলৈ নগঞা সচেতন লোকসকলে দাবী জনায়৷