৭৫ বছৰত ভৰি দিলে সেনাৰ ৭৭ মাউণ্ট ডিভিজনে, তেজপুৰত মহাৰজৎ জয়ন্তী

তেজপুৰঃ দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই দেশৰ ভূখণ্ডক শত্ৰুৰ পৰা ৰক্ষা কৰি দেশক সেৱা কৰি অহা ভাৰতীয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনে ৭৫ বছৰত ভৰি দিলে৷ পৰাধীন তথা স্বাধীন দেশৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষাৰ উদ্দেশ্যে ১৯৪২ৰ ১০ জুনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠন হোৱা ভাৰতীয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনে ৭৫ বছৰত ভৰি দিলে৷

শনিবাৰে তেজপুৰত মহাৰজৎ জয়ন্তীৰ সমাৰোহ অনুষ্ঠিত কৰে ডিভিজনটোৱে৷ তেজপুৰৰ বালিপৰা হাঁহচৰাত অনুষ্ঠিত হয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনৰ মহাৰজৎ জয়ন্তী সমাৰোহ৷ ৭৭ মাউণ্ট ডিভিজন মধ্যপ্ৰদেশত গঠন হোৱা বুলি জানিব পৰা গৈছে৷

দীৰ্ঘদিনীয়া যুদ্ধ আৰু উগ্ৰপন্থী বিৰোধী অভিযানেৰে দেশক সেৱা আগবঢ়াই অহা মহাৰজৎ জয়ন্তীত ভাৰতীয় সেনাৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থকাৰ লগতে ৰেড হৰ্ণ ডিভিজনৰ জি অ চি মেজৰ জেনেৰেল পি এচ বাঢ়ৈয়ে উপস্থিত থাকে৷

ৰঙাপৰাৰ ঠাকুৰবাৰীত মূখ্য কাৰ্যালয়ত ৭৭ মাউণ্ট ডিভিজনৰ বালিপৰাৰ হাহঁচৰাৰ উগ্ৰপন্থী বিৰোধী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় মহাৰজৎ জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ৷ ৰেড হৰ্ণ ডিভিজনৰ জি অ চি জেনেৰেল পি এচ বাঢ়ৈয়ে উদ্বোধন কৰা মহাৰজৎ জয়ন্তী সমাৰোহৰ কাৰ্যসূচীত সেনা বাহিনীৰ জোৱানে বিভিন্ন কলা-কৌশল আৰু অভিযানৰ আখৰা প্ৰদৰ্শন কৰে৷

১০ হেজাৰ উচ্চতাৰ আকাশৰ পৰা পেৰাচ্যুটৰ সহায়ত নামি অহা দৃশ্য প্ৰদৰ্শন কৰে কৰাৰ লগতে অভিযানত ব্যৱহৃত কুকুৰৰ ক্ৰীড়া শৈলীও প্ৰদৰ্শন কৰে৷ মহাৰজৎ জয়ন্তীৰ কাৰ্যসূচীত অংশ লৈ ৰেড হৰ্ণ ডিভিজনৰ জি অ চি মেজৰ জেনেৰেল পি এচ বাঢ়ৈয়ে উগ্ৰপন্থী বিৰোধী অভিযানত ৭৭ মাউণ্ট ব্ৰিগ্ৰেডৰ সফলতাৰ বৰ্ণনা দিয়ে৷