১০ দিনে সন্ধান নাই বৰঙাতলিৰ ফটিক চন্দ্ৰ বৰাৰ

চামগুৰিঃ যোৱা ১৪ ডিচেম্বৰত ঘৰৰ পৰা ওলাই গৈ আজিও উভতি নাহিল এগৰাকী লোক৷ নগাঁও জিলাৰ চামগুৰিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাতলি গাঁৱৰ লোকজনে যোৱা ১০ দিনে ঘৰলৈ উভতি নহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

জানিব পৰা মতে, খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাতলি গাঁৱৰ নিবাসী ফটিক চন্দ্ৰ বৰা (৪৯) নামৰ লোকজন ১৪ ডিচেম্বৰৰ পুৱা নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰা নিৰুদ্দেশ হয়৷ নিৰুদ্দেশ সন্দৰ্ভত খাটোৱাল আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

গোলপীয়া আৰু বগা ৰঙৰ চেকচাৰ্ট, বেঙুনীয়া পেন্ট পৰিহিত আৰু ডিঙিত বগা ৰঙৰ মাফলাৰ লৈ থকা লোকজনৰ কোনো লোকে সম্ভেদ পালে 97076-20852, 88128-02155 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়৷