
ঢেকীয়াজুলিঃ অসমৰ ইতিহাসৰ বাবে এটি অভিশপ্ত দিন হিচাপে চিহ্নিত হৈ ৰব ২৩ ডিচেম্বৰৰ৷ এই দিনটোৰ কথা মনলৈ আহিলে বহু অসমীয়াৰ পৰিয়ালে চকুলো টুকিব লগা হয়৷ শনিবাৰৰ দিনটোতে ৩১ জন নিৰীহ অসমীয়াক গুলীয়াই হত্যা কৰিছিল এনডিএফবিয়ে৷ নিশাৰ এন্ধাৰত একে-৪৭ৰ গুলীৰে থকা-সৰকা কৰিছিল দৰিদ্ৰ, শ্ৰমিক, শিশু আৰু মহিলাক৷
২০১৪ চনৰ ২৩ ডিচেম্বৰৰ নিশা কাল নিশা হৈ নামি আহিছিল৷ ২০১৪ চনৰ ২৩ ডিচেম্বৰত এনডিএফবি(স)ৰ নিৰ্বিচাৰ গুলীচালনাত উত্তৰ অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, শোণিতপুৰৰ ঢেকীয়াজুলিৰ বাতাচিপুৰ আৰু বিশ্বনাথৰ ফুলবাৰীত সংঘটিত নাৰকীয় কাণ্ডত ৮০জনতকৈ অধিক নিৰীহ লোক নিহত হৈছিল৷ ধাৰাবাহিক হত্যাযজ্ঞত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ পৰাত বাতাচিপুৰৰ হাতীজুলিত আৰু মধুপুৰত ৬জন নিৰীহ আদিবাসী লোকে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল৷
২৩ডিচেম্বৰ হত্যা কাণ্ডই তিনিটা বছৰ অতিক্ৰম কৰিলে৷ হত্যাকাণ্ডৰ মুল নায়ক সংবীজিত আৰু বি বিদাইক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল চৰকাৰ তথা প্ৰশাসনে৷ চৰকাৰে ২৩ ডিচেম্বৰৰ নাৰকীয় কাণ্ডৰ হত্যাকাৰীক শাস্তি দিয়াটো দুৰৰে কথা আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল৷ বাতাচিপুৰৰ হাতীজুলিত নিহত ৬জন লোকক শনিবাৰে শ্ৰদ্বাঞ্জলি যাচে ৰাইজে৷ অনুষ্ঠানত উপস্থিত থাকি চকুলো টুকি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ওজাৰে উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত পৰিয়ালৰ আত্মীয়ই৷
মহাবীৰ কুৰ্মী, কৰ্ণ হেমৰম, বিঘনী ভেংৰা, বেলা হেমৰম, পুনু হেমৰম, সোনামনি হেমৰমক ২০১৪ৰ ২৩ ডিচেম্বৰত ঢেকীয়াজুলিৰ বাতাচিপুৰত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল৷ শনিবাৰে অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়-ববীয়াৰ লগতে ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ মোহন পাটোৱাৰি আৰু ৩৬নংআছাম ৰাইফলছ সেনা বাহিনীৰ বিষয়া, জোৱান উপস্থিতিত থাকি নিহত সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
আনহাতে সন্ত্ৰাসবাদ মুক্ত কৰিবলৈ সেনা আৰক্ষীয়ে সৰ্বসাধাৰন ৰাইজৰ সহযোগ বিচৰাৰ লগতে ২০১৪ৰ ২৩ ডিচেম্বৰৰ ঘটনাৰ পিছতেই উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ অভিযানত বহু পৰিমানে উগ্ৰপন্থীৰ কাৰ্যকলাপ হ্ৰাস পাইছে বুলি উপস্থিত থকা সেনা বাহিনীৰ বিষয়া আৰু আৰক্ষী বিষয়াই মন্তব্য প্ৰদান কৰে৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছাৰ কেন্দ্ৰীয় উপ-সভাপতি মেলখাছ তপ্প, জিলা সমিতিৰ সভাপতি শচীন দাস, ঢেকীয়াজুলি আঞ্চলিক আছাৰ সভাপতি বিষ্ণু তাঁতী উপস্থিত থাকি উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমনত নিহত ৬নিৰীহ লোকৰ লগতে উক্ত ঘটনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ঢেকীয়াজুলি থানা ২৪ডিচেম্বৰত আাক্ষীৰ গুলীত মৃত্যু হোৱা আলচালাম কেৰ্কেটা, নাটুৱাৰ কৰ্মকাৰ, বিকাশ তপ্পকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ২৩ ডিচেম্বৰৰ নাৰকীয় কাণ্ডৰ মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰি শাস্তি দিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই৷