ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ৰাজহুৱা সভা

নলবাৰীঃ নলবাৰীৰ জিলাৰ ৰামপুৰ গাঁও উন্নয়ন সমিতিয়ে শনিবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী ৰফিউল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থানীয় বিধায়ক নাৰায়ণ ডেকা, সমাজসেৱক প্ৰদীপ পাটোৱাৰী, তাৰিণী দাস সহ বহু লোক উপস্থিত থাকে।

সভাত বিধায়ক নাৰায়ণ ডেকাই ৰাইজৰ কাম কৰিবলৈ ওলাই  আহিছো আৰু বৰক্ষেত্ৰী সমষ্টিটোৰ উন্নয়ন-বিকাশ কৰি আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছো বুলি কয়। কংগ্ৰেছে সমষ্টিটোত কোনো উন্নয়ন কৰিব নোৱাৰাই  আমি বিধায়ক নিৰ্বাচিত হৈ সমস্যাত পৰিছো। কাৰণ সমষ্টিটোৰ বিভিন্ন অঞ্চলত নানা অভাৱ-অভিযোগ আছে বুলি দোহাৰে।