
ৰঙিয়াঃ শাসনত থকা বিজেপি এটা নীতিহীন দল। নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা দল বিজেপি। এইদলত যোগ্য ব্যক্তিৰ অভাব। দলটোৱে অসমত কংগ্ৰেছ দলৰপৰা মানুহ ধাৰ কৰি বিত্ত মন্ত্ৰী পাতিব লগা হৈছে। শনিবাৰে ৰঙিয়াত অনুষ্ঠিত হোৱা চিপিআইএম দলৰ কামৰূপ জিলা সন্মিলনত উপস্থিত থাকি দলটোৰ ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলিৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই মন্তব্য আগবঢ়ায়৷
সুপ্ৰকাশ তালুকদাৰে বিজেপিক তীব্ৰ সমালোচনা কৰি কোনেওঁ কেতিয়াও ধৰ্মক ব্যৱহাৰ কৰি শাসনৰ গাদিত নবহে বুলি কয়। এইখন চৰকাৰে ধৰ্মক দোহাই দি শাসনৰ গাদীত অহাৰ পিছতে কংগ্ৰেছ দলৰ কৌশল অৱলম্বন কৰি হিন্দু বাংলাদেশীৰ নামত ৰাজনীতি কৰা আৰম্ভ কৰিছে৷ যি ধৰণে কংগ্ৰেছ দলে মুছলমানক লৈ বছৰ বছৰ ধৰি ৰাজনীতি কৰি আহিছে। মুঠৰ ওপৰত সাপ্ৰদায়িক বিষয়টো বাদ দিলে এই দুয়োটা দল এক বুলি মন্তব্য আগবড়ায় মাক্সবাদী নেতাজনে।
চৰকাৰখনে অকল মুছলমান বিৰোধীয়ে নহয় সমানে হিন্দুৰো বিৰুধী। অসমৰ খিলঞ্জীয়া মানুহৰ নামত শপতখাই নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি অসমৰ জাতীয় নায়কে এতিয়া অসমৰ জনসাধাৰণৰ কথা, অসমৰ স্বাৰ্থ ৰক্ষাৰ কথা বাদ দি মোডীৰ আঙুলিৰ নিৰ্দেশত উঠাবহা কৰিব ধৰিছে। অসমৰ জনসাধাৰণৰ বাবে ইএক বিপদ জনক বিষয় বুলি ভাশণত দোহাৰে তালুকদাৰে।
ৰঙিয়া ঈদগাহত ময়দামত অনুষ্ঠিত সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত চিপিআই এমৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য্য, ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য টিকেন দাস উপস্থিত থাকি বিজেপি দলে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰা বুলি কৈ দলটোৰ কাৰ্য্যপন্থাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। মুকলি সভাৰ প্ৰাকমুহুৰ্তত ৰঙিয়া চহৰৰ মাজেৰে শোভাযাত্ৰা উলিয়াই তিনি শতাধিক দলটোৰ কৰ্মকৰ্তাই হাতে হাতে প্লে'কাৰ্ডলৈ বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে নানাধৰণে শ্ল‘গান দি ৰঙিয়া চহৰ উত্তাল কৰি তোলে৷