মাৰ্ঘেৰিটা সমষ্টিৰ VIP বিধায়ক ভাস্কৰ শৰ্মা ছাৰ আপোনাৰ সমষ্টিৰ পথ এইটো

লিডুঃ বিলাসী গাড়ী নিৰ্মাতা কোম্পানীয়ে বিলাসী গাড়ী সমূহ খুব আৰামদায়কৈ নিৰ্মাণ কৰে৷ যাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাক গুৰুত্ব দিয়া হয়৷ বিশ্বৰ আগশাৰীৰ কোম্পানীয়ে নিৰ্মাণ কৰা বাহন সমূহ অতি সম্ভ্ৰান্ত, ৰাজনেতা, উদ্যোগপতিসকলে ব্যৱহাৰ কৰে৷ তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়৷ বিশ্বৰ আন আন দেশৰ লগতে ভাৰতবৰ্ষতো বিলাসী গাড়ী ব্যৱহাৰ কৰা মানুহৰ সংখ্যা দিনেক দিনে বৃদ্ধি হৈছে৷

আমাৰ ৰাজ্য অসমতো একাংশ বিশেষ লোকে বিলাসী বাহন ব্যৱহাৰ কৰা দেখা যায়৷ বিশেষকৈ অসমৰ মন্ত্ৰী-বিধায়কে দামী গাড়ী ব্যৱহাৰ কৰাটো এক ফেশ্বনত পৰিণত হৈছে৷ দামী গাড়ীবোৰত ঘুৰিলে মন্ত্ৰী বিধায়কসকলে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে থকা পথৰ গাত কেইটাৰ পৰা হাত সাৰিব পাৰে৷ তেওলোকৰ গাড়ী গাতত পৰিলেও কষ্টৰ কথা অনুভৱ কৰিব নোৱাৰে৷ কিয়নো বিলাসী গাড়ী সমূহত যাত্ৰীৰ আৰামৰ বাবে বিশেষ পদ্ধতি সংযোগ হৈ থাকে৷

যি পদ্ধতিয়ে গাড়ী খন পথৰ গাতত পৰিলেও ভিতৰত বহি থকা মানুহজনে অনুভৱে কৰিব নোৱাৰে গাড়ী খন যেন গাতত পৰিছে৷ যাৰ ফলত আমাৰ ৰাজ্যৰ মন্ত্ৰী-বিধায়কে বিধায়ক হৈয়ে প্ৰথমে এখন বিলাসী গাড়ী ক্ৰয় কৰে৷ বিধায়ক হোৱাৰ পিছতে তেওলোক VVIP হৈ পৰে৷ VVIP হৈ পৰাৰ ফলত তেওলোকে জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি সকলো সলনি কৰিবলৈ বাধ্য হয়৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি বোৰো লাহে লাহে পাহৰি যাবলৈ আৰম্ভ কৰে৷ হিন্দু-মুছলমান, জাত-পাতক লৈ ব্যস্ত হৈ থাকিব লগা হয়৷

বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, গৰাখহনীয়া তথা দৰিদ্ৰ, শ্ৰমিকক পাহৰি যাব লগা হয়৷ তেওলোকৰ আগে পিছে তেতিয়া বৰ বৰ মানুহ ঘুৰা-ফুৰা কৰে৷ তেনেই এক সমস্যাৰ মুখামুখি হৈছে ৰাজ্যৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে খ্যাত মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে৷ বিলাসী বাহনত ঘুৰা-ফুৰা কৰা বিধায়ক ভাস্কৰ শৰ্মাই যোৱা দুটা বছৰে সমষ্টিৰ লোকৰ বাবে ভিআইপিত পৰিণত হৈ বিলাসী গাড়ীত ঘুৰা ফুৰা কৰাৰ বাবে সমষ্টিৰ কোন কোন পথত গাতৰ বাবে গাড়ী-মটৰ চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে সেই কথা অৱগত আজিলৈ হোৱা নাই৷

বিলাসী গাড়ী গাতত পৰিলে গম নাপায় বাবেই সমষ্টিৰ কোনটো পথৰ অৱস্থা কেনেকুৱা সেই কথা অৱগত নহয় বিধায়গৰাকীয়ে৷ বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাষ্কৰ শৰ্মাই বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে পৰিৱৰ্তনৰ বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি সপোন দেখুৱাইছিল সমষ্টিবাসীক৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত উন্নয়নৰ প্ৰকৃত ছবিখন পথ কেইটাৰ অৱস্থা চালেই গম পোৱা যায়৷ সমষ্টিটোৰ গ্ৰাম্য পথৰ দুৰৱস্থাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ জৰাজীৰ্ণ পথৰ বাবে যামৰ যাতনা ভোগ কৰি আহিছে ৰাইজে৷

আনহাতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগোলাইৰ পৰা লিডু টিৰাপ কলিয়ৰী অংশ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে আহ-যাহ কৰাৰ কোনো উপায় নাই৷ লিডুৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ইমানেই শোচনীয় যে পথটোৰ প্ৰায় অংশ ভাঙি গৈ একো একোটা প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো যোৱা দুটা বছৰে বিধায়ক ভাস্কৰে পথটোত শিল এটাও পেলাব নোৱাৰিলে৷ যাৰ ফলত বিধ্বস্ত পথটোৱে মাৰ্ঘেৰিটাবাসীক বাৰুকৈ জ্বলা-কলা খুৱাইছে৷

বিশেষকৈ বৰগোলাইৰ গ্ৰীণগল্ড চাহ ফেক্টৰীৰ সমীপৰ অংশ মানুহে বাইক, গাড়ী ৰখাই পাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ দৈনিক হাজাৰ হাজাৰ যান বাহন চলাচল কৰা পথটোত চাইকেল, ৰিক্সা, দুচকীয়া-চাৰিচকীয়া যান-বাহন চলাচল কৰাতো দুৰৰ কথা খোজকাঢ়িবৰো পৰিবেশ নোহোৱা হৈছে৷ বিলাসী হৈ পৰা বিলাসী গাড়ীত ঘুৰা বিধায়কে পথৰ দুৰৱস্থাৰ কথা গমকেই নাপায়৷ কিয়নো ভিআইপি গাড়ীৰ ভিতৰত বহা মানুহে গাতত গাড়ী পৰিলেও অনুভৱ কৰিব নোৱাৰে৷ বিধায়কগৰাকীয়ে সমষ্টিৰ সমস্যাক গুৰুত্ব আৰোপ নকৰাৰ লগতে ঘূৰি নাচাই বুলিও অভিযোগ উত্থাপন কৰে ক্ষুব্ধ ৰাইজে৷