
বঢ়মপুৰঃ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰশ্নই চিন্তিত কৰিছে নগাঁও জিলাৰ চামগুৰিৰ ৰাইজক৷ জীৱন আৰু সম্পত্তিক লহৰা দি শৰালিৰ ৬ মাহ যেন নিদ্ৰাহৰণ কৰে নগাঁও জিলাৰ চামগুৰিৰ লোকসকলৰ৷ প্ৰতিটো নিশাই হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলোৱাৰ ফলত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে আবাল, বৃদ্ধ বনিতাই৷
বছৰ বছৰ ধৰি পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোত বিস্তৰ ক্ষতি কৰি আহিছে যদিও বন বিভাগ তথা চৰকাৰে থলুৱা অসমীয়াৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা নগাঁও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷
প্ৰতিদিনে শান্তিৰে শুব নোপোৱা লোকসকলে একপ্ৰকাৰ সন্তান, পৰিয়াল তথা ঘৰ খনক লৈ চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ যোৱা ডেৰ মাহ ধৰি হাতীয়ে তাণ্ডৱ চলোৱাৰ সময়তে শনিবাৰে নিশা হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী বৃদ্ধৰ৷ চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰ, ভৰাগুৰিত শনিবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ঘৰ-দোৱাৰ ভাঙি পেলায়৷
কেইবাটাও বাসগৃহ ভাঙি তচনচ কৰাৰ সময়তে হাতীৰ জাকৰ মুখামুখি হয় এগৰাকী বৃদ্ধা৷ বৃদ্ধাগৰাকীয়ে শুই থকা কোঠাতো ভাঙি পেলোৱাৰ লগতে বিছনা, কাপোৰ আদি শুৰেৰে টানি লৈ আহে বনৰীয়া হাতীয়ে। চামগুৰিৰ ব্ৰহ্মচাৰিত সংঘটিত হয় এই ঘটনা৷ হাতীৰ জাকৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰে বৃদ্ধাগৰাকীয়ে।
শোৱাপাটিৰ পৰা গাৰু সহ টানি আনি ফালি-চিৰি পেলোৱাৰ সময়তে হাতীৰ শুৰৰ মাজৰ পৰা ওলাই আহিবলৈ সক্ষ্ষম হয় বৃদ্ধাগৰাকীয়ে৷ কথামপি প্ৰান ৰক্ষা পৰা বৃদ্ধাগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি বনৰীয়া হাতীৰ জাক খেদি পঠাবলৈ আহ্বান জনাই চৰকাৰক৷ শুই থকা বন বিভাগে হাতীৰ জাকৰ পৰা ৰাইজক সুৰক্ষ দিব নোৱাৰাত হাহাকাৰ কৰিব লগা হৈছে৷ এতিয়া প্ৰশ্ন উত্থাপন হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নতুবা বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই শুনিব আইতাৰ আৰ্তনাদ৷