
মঙলদৈঃ সমগ্ৰ অসম এতিয়া বৰবিহ সুৰা, মাদক দ্ৰব্যই আগুৰি ধৰিছে। পিছ পৰি ৰোৱা নাই দৰং জিলাও। জিলা খনৰ ভিন্ন স্থানত আবকাৰী বিভাগৰ ছত্ৰছায়াত অবৈধ চুলাইৰ ঘাটি গঢ় লৈ উঠাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে জিলাখনৰ পিপিৰা দোকান, ৰঙামাটি, শাকতোলা, ছিপাঝাৰ,দেওমৰনৈ,পাথৰিঘাট হালধা, লাওজানকে ধৰি বহু অঞ্চলত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে চুলাই মদৰ ঘাটি।
উল্লেখ্য, দৰং জিলা আবকাৰী অধীক্ষকৰ আৰ্শীবাদত দৰং জিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত শাকতোলা অঞ্চলত গঢ়ি উঠা চুলাই ঘাটিৰ ফলত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। চুলাইৰ ঘাটি বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ কৰি থকা সময়তে দৰং আবকাৰী বিভাগে চুলাইৰ ঘাটিৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।
ছিপাঝাৰ থানাৰ অন্তৰ্গত লাওজান চকত নিশা চুলাইৰ ঘাটিৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰিবলৈ যাওঁতেই ৰাইজৰ ৰোষত পৰি উত্তম মাধ্যম খাব লগা হয় দৰং জিলাৰ আবকাৰী বিভাগৰ লোকে। লাওজান চকত আবকাৰী বিভাগৰ পাঁচ জনীয়া এটা দলে চুলাইৰ ঘাটিৰ পৰা টকা সংগ্ৰহ কৰি থকা অৱস্থাতে ৰাইজে জব্দ কৰে আবকাৰী বিভাগৰ লোকক। তাৰ পিছতেই আবকাৰী দলটোৰ ওপৰত জপিয়াই পৰে অঞ্চলটোৰ ক্ষোভিত ৰাইজ। এই ঘটনা সংঘটিত হয় শনিবাৰে নিশা।
আক্ৰমনত দৰং আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত উপ-পৰিৰ্দশক খাতুম উদ্দিন আহমেদ¸কনিষ্টবল দুলাল আহমেদ¸ আলতাফ আহমেদ¸ চমৰ উদ্দিন আহমেদ¸ বিপিন ডেকা আহত হয়। ঘটনা সংক্ৰান্তত আবকাৰী বিভাগে ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰে। আনহাতে দৰং আবকাৰী বিভাগৰ অধীক্ষক আৰু ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চুলাই ঘাটিৰ পৰা মাহিলী ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হয়।