
ফিল'বাৰীঃ লোককৃষ্টি, সংস্কৃতি, পৰম্পৰা, গীত, নৃত্য, খাদ্যৰ সমাহাৰ ঘটিব তিনিচুকীয়া জিলাৰ ফিল'বাৰীত৷ ফিল'বাৰীত অহা ২৬ ডিচেম্বৰৰ পৰা তিনিদিনীয় কাৰ্যসূচীৰে ৰসবাৰী পৰ্যটন মেলা অনুষ্ঠিত হ’ব৷ মেলাত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ গ্ৰাম্য পৰ্যটন মেলাত জনগোষ্ঠীয় লোককৃষ্টি, সংস্কৃতি, পৰম্পৰা, গীত, নৃত্য, খাদ্য আদিৰ সমাহাৰ ঘটিব বুলি জানিব পৰা গৈছে৷
ফিল'বাৰীৰ তৰাণি অৰণ্যৰ সমীপৰ ঐতিহ্যমণ্ডিত দূৱাৰমৰা নৈৰ পাৰৰ বালিচৰত অনুষ্ঠিত হ’ব এই মেলা। বাৰ্নিজ্য, প্ৰৰ্দশনী, গ্ৰন্থমেলা আৰু জনগোষ্ঠীয় সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটিব লগা মেলা খনে এইবেলি চতুৰ্থ বৰ্ষত ভৰি দিছে।
ৰসবাৰী পৰ্যটন মেলাই বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো আগবঢ়াব সাংবাদিকতাৰ বিশেষ বঁটা। স্থানীয় বিশিষ্ট সমাজ সেৱক, চৰকাৰী গাঁওবুঢ়া চৌতিশ চন্দ্ৰ বড়াৰ সোঁৱৰণত প্ৰদান কৰি অহা সাংবাদিকতা বঁটাত নগদ পাঁচ হেজাৰ টকা, চেলেং, গামোছা, সম্বধৰ্না পত্ৰ আৰু এটা স্মাৰক থাকিব।
ৰসবাৰী পৰ্যটন মেলা উদযাপন সমিতিয়ে বঁটাৰ বাবে নিৰ্বাচিত কৰিছে কাকপথাৰ-ডুমডুমা অঞ্চলৰ সাংবাদিক মনোৰঞ্জন নেওগক। এটা ছেটেলাইট চেনেলৰ লগতে ছপা মাধ্যমতো জড়িত হৈ তকা নেওগ সম্প্ৰতি আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।