
কোকিলাঃ বঙাইগাঁৱৰ মাণিকপুৰৰ ৫নং বাশবাৰীত দেওবাৰে অগ্নিকাণ্ড সংঘটিত হৈ এটি পৰিয়ালৰ ঘৰ-দোৱাৰ সম্পূৰ্ণ জাহ যায়৷ জানিব পৰা মতে, ৫নং বাশবাৰীৰ বাহাৰ আলী নামৰ লোকজনৰ ঘৰত ভয়াবহ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।
লগে লগে গাঁৱৰ একাংশ লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও জুই নিমুৱাত ব্যৰ্থ হয়৷ ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক কবৰ দিয়ে যদিও বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হয়৷
ফলত পঞ্চাশ হাজাৰ নগদ টকা, এখন মটৰচাইকল, এখন চাইকেল, নথিপত্ৰ, কাপোৰ, ধান, ফাৰ্নিচাৰ সহ এটি ঘৰ জুইত জাহ যায়৷ প্ৰায় ৫লাখ টকাৰ সা-সম্পত্তি জাহ যায়। মাণিকপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। শ্বট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।