
ডিব্ৰুগড়ঃ দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰাত গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷
অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পিছতেই সমগ্র অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক নেতা অখিল গগৈক আক্ৰোশমূলকভাৱে দুধনৈ আৰক্ষীয়ে পুণৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে চাবুৱা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, চাবুৱা আঞ্চলিক মটক ছাত্ৰ সন্থা, সন্মিলিত অসমীয়া যুৱ শক্তি অসম, মানৱ অধিকাৰ সংগ্ৰাম সমিতি অাৰু সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে।
সংগঠন কেইটাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংগঠনক চৰকাৰৰ এনে অগণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হবলৈ আহ্বান জনাই। সংগঠনে কেইটাই অখিলক পুনৰ গ্ৰেপ্তাৰ কৰাত ক্ষোভ ব্যক্ত কৰি সোণোৱাল চৰকাৰে অখিলৰ পিছত পৰাৰ কাৰণ কৰি বুলি প্ৰশ্ন উত্থাপন কৰে? সাধাৰণ ৰাইজৰ কাম কৰিব নোৱাৰা সৰ্বানন্দ সোণোৱালে অখিল গগৈক জেলত ভৰাই হিন্দু-বাংলাদেশী আনিব খুজিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে? জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, বৃহৎ নদীবান্ধ, আদি কাম কাৰ্যকৰী কৰিবলৈ সৰ্বাই অখিল গগৈক বাৰে বাৰে গ্ৰেপ্তাৰ কৰি আহিছে বুলি ক্ষোভ জাহিৰ কৰে সংগঠনকেইটাই৷