
গৰৈমাৰিঃ কামৰূপ জিলাৰ বকোত পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, এটি পৰিয়ালে পথৰ দাতিৰে বাইকত আহি থকা অৱস্থাত ভাৰত পেট্ৰ’লিয়াম লিখা থকা এখন ট্ৰাকে খুন্দিওৱাৰ ফলত ৪ বছৰীয়া কন্যা সন্তান গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে তৰু ৰাভা নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ আগছিয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা৷