
বোকাজানঃ সমগ্ৰ ৰাজ্যৰ লগতে বোকাজান মহকুমাৰ সৰিয়হজানস্থিত বিজেপিৰ বোকাজান মণ্ডল কাৰ্যালয়ত মণ্ডল বিজেপিৰ উদ্যোগত সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯২ সংখ্যক জন্মদিন উদযাপন কৰা হয় ৷
অনুষ্ঠানত বোকাজানৰ বিধায়ক ডাঃ নোমল ম'মিনে কে'ক কাটি জন্মদিন পালন কৰাৰ লগতে আজিৰ দিনটো বিজেপি শাসিত চৰকাৰখনৰ সু-শাসনৰ দিন ৰূপে সমগ্ৰ অসমতে পালন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিধায়ক ডাঃ নোমল ম'মিনে বোকাজান অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে ৷ আনহাতে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদ দলৰ স্থিতি সম্পৰ্কে মত ব্যক্ত কৰি বিধায়কগৰাকীয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি অগপ, বিপিএফ আৰু বিজেপি দলে নিয়াৰীকৈ সম্পূৰ্ণ পাঁচ বছৰ চৰকাৰ চলাই যাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে অগপ দলে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও চৰকাৰ চলাই নিয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলিও মন্তব্য আগবঢ়াই বিধায়ক ডাঃ নোমল ম'মিনে ৷