
মাৰ্ঘেৰিটাঃ মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ বাবে জেৰুজালেমৰ মাতৃ মৰিয়ম কুমাৰী গৰ্ভত জন্ম হৈছিল যীশুৰ। ২৫ ডিচেম্বৰৰ দিনটোত জন্ম হোৱা বুলি কোৱা হয় যীশুক। বছৰৰ ২৫ ডিচেম্বৰৰ দিনটোত দেখা যায় প্ৰতিজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে আনন্দ উল্লাসেৰে যীশুক প্ৰাৰ্থনা কৰি বিশ্বৰ শান্তি কামনা কৰে৷
পবিত্র বৰদিন উৎসৱ কেৱল খৃষ্টানসকলৰ ধৰ্মীয় উৎসৱেই নহয় বৰং কৃষিভিত্তিক সাংস্কৃতিক উৎসৱ হিচাপেও পালন কৰা হয়। গাঁৱৰ আদৰণি তোৰণ সমূহত আলোক সজ্জা কৰি তোলা হয়। নিশা হলে গাঁৱৰ প্ৰতিঘৰতে ৰং বিৰঙৰ তৰা বোৰে মন প্ৰাণ আকৰ্ষণ কৰি তোলা হৈছে।
বিভিন্ন ঠাইৰ লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্র বৰদিন পালন কৰাৰ লগতে অসম-অৰুণাচল সীমান্তৰ টিপঙত চেমা জনগোষ্ঠীৰ লোকসকলে অধিক আনন্দ উল্লাসেৰে বৰদিন পালন কৰে। পুৱা প্ৰায় ৮.৩০ বজাত স্থানীয় গীৰ্জা ঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ যীশুক জন্মদিনটোত বাইবেল পাঠদান কৰে। বৰদিনৰ গীতৰ সুৰেৰে মানুহৰ মনত স্বৰ্গীয় অনুভূতি সঞ্চাৰ কৰে। মানৱ জাতিক সকলো পাপৰ পৰা পৰিত্ৰাণৰ বাবে গীৰ্জাত অনুষ্ঠিত কৰে প্ৰাৰ্থনা।