
দলংঘাটঃ দৰং জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ৰ সমীপত সোমবাৰে ৰজাদিনীয়া তাম্ৰলিপি উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷
জিলাখনৰ দেওমৰনৈৰ সমলা-ঝাকুৱাপাৰাৰ শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত ৫খন কৈ তাম্ৰলিপি উদ্ধাৰ হয়। বাসুদেৱ দেৱালয়ৰ সমীপত এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত হঠাৎ প্ৰকাণ্ড টান মাটি লাডু এটা উঠি আহে৷
চপৰাটো উঠি অহাৰ পিছতে ৰাইজ উৎসুক হৈ পৰে৷ তাৰ পিছতে ৰাইজে চপৰাটো ভাঙি চােৱাত লিপি কেইখন উদ্ধাৰ হয়। লিপি সমূহ চিনি নোপোৱাত তাত লিখা কথা সমূহ ধৰিব পৰা হৈ থকা নাই। ৰজাৰ দিনৰেই তাম্ৰলিপি বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।