
ওদালগুৰিঃ বিটিএডিৰ চাৰিখন জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে৷ ম্যানমাৰৰ ১৭ জনীয়া এনডিএফবিৰ (স) দলে অসমত প্ৰবেশ কৰাৰ তথ্য লাভ কৰাৰ পিছৰে পৰা সস্তম হৈ পৰিছে সেনা-আৰক্ষী৷
সেনাই তীব্ৰ অভিযান চলাই ম্যানমাৰৰ পৰা অসমত প্ৰবেশ কৰা ১৭ জনীয়া এনডিএউবিৰ দলটোৰ এগৰাকী সদস্যক গোৰেশ্বৰত আটক কৰাৰ পিছৰে পৰা সেনা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ কিছুদিন পূৰ্বে দলটোৰ এজন সদস্য সেনা আৰক্ষীৰে সংঘৰ্ষত নিহত হয় কোকৰাঝাৰত৷
আনহাতে উক্ত সংঘৰ্ষৰ পৰা গুলীবিদ্ধ অৱস্থাত পলায়ণ কৰা আন এজন সদস্যক সেনা-আৰক্ষীয়ে জালত পেলাই৷ তাৰ মাজতে, ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই এনডিএফবি(স)ৰ মহিলা কেডাৰ এগৰাকীক জালত পেলাবলৈ সক্ষম হয়।
ওদালগুৰি আৰক্ষী থানাৰ মষ্ট ৱাণ্টেড তালিকাত নাম থকা মাইনাও বসুমতাৰী(২৪) ওৰফে বি মুইং নামৰ এনডিএফবি(স)ৰ মহিলা কেডাৰগৰাকীক ওদালগুৰি থানাৰ অন্তৰ্গত ১নং সাপেখাইটিৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
২০১৩ চনত ম্যানমাৰত প্ৰশিক্ষণ লৈছিল মাইনাওৱে। ২০১৪ চনত তেওঁৰ স্বামী তথা এনডিএফবি কেডাৰ আৰক্ষীৰ হাতত নিহত হয়। ২০১৫ চনত মাইনাও ওৰফে বি উইং নামৰ মহিলাগৰাকীয়ে কোকৰাঝাৰ আৰক্ষীৰ হাততো গ্ৰেপ্তাৰ হৈছিল। আৰক্ষীৰ জালৰ পৰা মুক্ত হৈ আত্মসমৰ্পণ কৰা নাছিল। ওদালগুৰি আৰক্ষীয়ে মহিলা এনডিএফবি কেডাৰগৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।