ওদালগুৰিৰ গীৰ্জাই গীৰ্জাই যীশু বন্দনা, প্ৰাৰ্থনা কৰিলে মন্ত্ৰী ৰিহনে

ওদালগুৰিঃ মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ বাবে জেৰুজালেমৰ মাতৃ মৰিয়ম কুমাৰী গৰ্ভত জন্ম হৈছিল যীশুৰ। ২৫ ডিচেম্বৰৰ দিনটোতে মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ জন্ম হৈছিল যীশুৰ৷ ২৫ ডিচেম্বৰৰ দিনটোত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন পালন কৰে। সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰদিনৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।

মাজনিশাৰে পৰা কেৰলৰ ধ্বনি তথা যীশু বন্দনাৰে মুখৰিত হৈ পৰিছে ওদালগুৰিৰ গীৰ্জাসমূহ। জিলাখনৰ চহৰে-নগৰে, গাৱে-গাৱে প্ৰায় অৰ্ধ সহস্ৰাধিক সৰু-বৰ গীৰ্জাসমুহত পালন কৰা হৈছে পবিত্ৰ বৰদিন। ২৪ ডিচেম্বৰৰ নিশা বাৰ বজাৰ পৰাই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে তেওঁলোকৰ পবিত্ৰ উৎসৱ বৰদিন। বিশ্ব শান্তি তথা কল্যান, ভাতৃত্ববোধৰ বাণী বিলাবলৈ ধৰালৈ আহে ইশ্বৰ যীশু।

বৰদিনত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বিভিন্ন জনগোষ্ঠীৰ লোকক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰি অতিথিক আপ্যায়ণ কৰে। ওদালগুৰি চহৰতো বৰদিন উপলক্ষে গীৰ্জাসমূহ লোকে লোকাৰণ্য হৈ পৰে। পুৱাই কেৰলৰ ধ্বনি, যীশু বন্দনাৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ। চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে পুৱাই কাহিবাৰীস্থিত গীৰ্জালৈ গৈ হাতত বাইবেল লৈ পবিত্ৰ বৰদিন উপলক্ষে প্ৰাৰ্থনা জনায়।

প্ৰাৰ্থনাৰ অন্তত মন্ত্ৰীজনে সাংবাদিকৰে মুখামুখি হৈঅসমবাসীক পবিত্ৰ বৰদিনৰ শুভেচ্ছা যাচে। পবিত্ৰ দিনটোৰ জৰিয়তে বিশ্বত শান্তি-সম্প্ৰীতি তথা ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ কামনে কৰে মন্ত্ৰীজনে। অসমলৈ শান্তি ঘুৰি আহক তথা ৰাজ্যখন অধিক উন্নতিৰ দিশে আগবাঢ়ি যােৱাৰ কামনা কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷

বৰদিন অনুষ্ঠানৰ এক গাম্ভীৰ্যপূৰ্ণ সভাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। চহৰখনৰ বিভিন্ন দল-সংগঠন, শুভাকাংক্ষী আৰু সাংবাদিকৰ উপস্থিতিত এক প্ৰীতি ভোজৰ আয়োজন কৰে মন্ত্ৰীগৰাকীয়ে নিজৰ বাসভৱনত। চহৰখনৰ চিক্ৰেট হাৰ্ট বিদ্যালয়ৰ গীৰ্জা আৰু নলবাৰীস্থ গীৰ্জাতো পুৱাৰ পৰাই দেখা গ'ল যীশু ভক্ত তথা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লানি নিছিগা শাৰী।