নলবাৰীত বিজেপিৰ সভা, মোডীয়ে সকলো দিশতে ৰাইজৰ কল্যাণ সাধন কৰিছে

নলবাৰীঃ নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছিৰ দূৰ্গা পূজা প্ৰাংগনত শাসকী বিজেপি দলে সোমবাৰে এখন জনজাগৰণ সভা অনুষ্ঠিত কৰে।

বিজেপি নেতা জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ ৰমেন ডেকা, বিধায়ক অশোক কুমাৰ শৰ্মা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অমল নাৰায়ণ পাটোৱাৰী, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক নিতুল ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেতা বীৰেন ৰাজবংশী, প্ৰদীপ চৌধুৰী, শুক্লেশ্বৰ তালুকদাৰ, সৰ্বেশ্বৰ তালুকদাৰ, ভবেন দাস, কমলেশ্বৰ ৰাজবংশী উপস্থিত থাকে।

বিজেপি নেতা অঞ্জনজ্যোতি তালুকদাৰে আতঁ ধৰা সভাত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই অটল বিহাৰী বাজপেয়ী ভাৰতবৰ্ষক নতুন গতি দিছে বুলি কয়। যাৰ ফলত আজি সমগ্ৰ দেশ-ৰাজ্যই সু -শাসন লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছে ৭০ বছৰ ধৰি দেশ শাসন কৰিছিল যদিও দেশত চৌদিশে অৰাজকতা চলি আছিল।

কিন্তু এতিয়া বাজপেয়ীৰ আদৰ্শ লৈ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাধাৰণ জনতাৰ কাম কৰি আছে আৰু জনতাই ইয়াৰ বাস্তৱ ফল লাভ কৰিছে বুলি কয় বিজেপি নেতা শৰ্মাই। সভাত সাংসদ ৰমেন ডেকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনে দেশক উন্নতিৰ পথত নিছে বুলি কৈ সকলো দিশতে এতিয়া ৰাইজৰ কল্যাণ সাধনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয়।

যাৰ বাৰে গুজৰাট আৰু হিমাচল প্ৰদেশত কংগ্ৰেছক পৰাভূত কৰি বিজেপি শাসন লবলৈ সক্ষম হৈছে বুলি কয় সাংসদ ৰমেনে। সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই আজিৰ দিনটো দেশৰ বাবে গৌৰৱৰ দিন। ভাৰতবৰ্ষক উন্নয়ন-বিকাশৰ আৰ্হি দেখুৱাই যোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন  অটল বিহাৰী বাজপেয়ীৰ জন্ম দিন। এই গৰাকী প্ৰধানমন্ত্ৰী নিজতকৈও দেশক বেছি ভাল পাইছিল বুলি কয়।

আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে বুলি কৈ শৰ্মাই নিৰ্বাচনত ৰাইজে বিজেপিক সমৰ্থন কৰক গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে বুলি কয়। সভাত কংগ্ৰেছ আৰু অগপ দলৰ আঢ়ৈ শতাধিক কৰ্মী তথা পঞ্চায়ত সদস্যই বিজেপি দলত যোগদান কৰে।