শংকৰদেৱ সংঘৰ অধিবেশন, কাঁচি হাতত লৈ পথাৰত ব্যস্ত মহিলা

দেৰগাঁওঃ দেশৰ বৃহৎ ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ দেৰগাঁৱৰ দাধৰা আহোম পথাৰৰ পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্রত অধিবেশন অনুষ্ঠিত হ’ব৷

গোলাঘাট জিলাৰ বিভিন্ন আঞ্চলিক আৰু প্ৰাথমিকৰ ডেৰ-দুই শতাধিক আই-মাতৃয়ে হাতে-হাতে কাচিঁলৈ অতি আনন্দ উল্লাসৰ মাজেৰে নৰা কটাত ব্যস্ত হৈ পৰা দেখা যায়৷ অধবেশনৰ বাবে শ্ৰম দান কৰিবলা আহি আই মাতৃ সকলে গুৰু বন্দনাৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিবেশ৷

পুৰুষ সকল ব্যস্ত হৈ পৰিছে দূৰ-দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ বাবে শিবিৰ নিৰ্মাণ কৰাত৷ ডেকা সকল ব্যস্ত হৈছে খড়ী ফলা তৰাত৷ এতিয়া মাথো গোলাঘাট জিলাৰ প্ৰায় সমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক আৰু প্ৰাথমিক সমিতিয়ে ব্যস্ত হৈ পৰিছে অহা ৭-১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা অধিবেশনত। ঐতিহ্যমণ্ডিত পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্রত উপস্থিত হোৱা আই মাতৃ সকলৰ লগতে ৰাইজৰ এটাই আশা ৮৭ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৰগাওঁ অধিবেশন সৰ্বদিশত সফল হওঁক৷