
অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ ৩৫নং দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিত পথ-দলঙৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অনন্ত মালোৱে৷
স্থানীয় বিধায়ক অনন্ত মালোৱে সমষ্টিটোৰ বইটামাৰী নিত্য বজাৰ-কায়েথপাৰা পথ, বাৰিপুখুৰী কুল্যাপাৰাৰ ৬০০ মিটাৰ গ্ৰাম্য পথ, ৩১ নং(খ) ৰাষ্ট্রীয় ঘাইপথৰ চলন্তাপাৰা প্ৰথম খণ্ড-ঠাকুৰানী টিলা পথ, ঝিটকিবাৰী আৰিমাৰাৰ ছোটবৰজানাত পকী দলঙৰ আআধাৰশিলা স্থাপন কৰে বিধায়ক অনন্ত মালোৱে।
বিধায়কগৰাকীয়ে সমষ্টিটোৰ পিছপৰা অঞ্চলৰ জনসাধাৰণৰ যাতায়াতৰ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে আমগুৰি দ্বিতীয় খণ্ডৰ পৰা আমগুৰী লতিবাৰী হাইস্কুল পৰ্যন্ত আৰ আই ডি এফ আঁচনিৰ অধীনত নিৰ্মাণ হবলগীয়া আন এটি পথৰ লগতে দেওঁহাটী-আমতলা পথত নিৰ্মাণ হবলগীয়া আন এখন পকী দলংৰো আধাৰশিলা কৰে।
বিধায়কগৰাকীৰ এই কাৰ্যসূচীত গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথৰ বঙাইগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্বাহ আলম, সহকাৰী কাৰ্যবাহী অভিযন্তা অতুল গোস্বামী, কনিষ্ঠ অভিযন্তা প্ৰমোদ মজুমদাৰ আৰু স্থানীয় সমাজকৰ্মী ৰুদ্ৰ পাঠক উপস্থিত থাকে৷