
বেতবাৰীঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বন্ধ, ধৰ্ণা, অৱৰোধেৰে বহু প্ৰতিবাদ কৰিলে ৬ জনগোষ্ঠীয়ে৷ কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিলে জনগোষ্ঠীকেইটাই৷ ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল৷
বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ ৪ বছৰ পাৰ হ’বৰ হ’ল যদিও আজিলৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে৷ বিভিন্ন কাৰণ দৰ্শাই জনগোষ্ঠীকেইটাক আভুৱা ভাৰে জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা দল-সংগঠনক৷ কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীয়ে পুনৰ ক্ষোভিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে গাদী দখল কৰাৰ পাছত ওলোটা খৰ মাৰি আহিছে বিজেপি চৰকাৰে৷
নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাত বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছয় জনগোষ্ঠীৰ লোকসকল৷ কেন্দ্ৰীয় জনজাতি পৰিক্রমা বিভাগে জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ সাজু নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ জনজাতিৰ মৰ্যাদা লাভৰ বাবে প্ৰয়োজনীয় সকলো মাপকাঠী জনগোষ্ঠীকেইটাই পূৰণ নকৰে বুলিও কেন্দ্ৰীয় জনজাতি পৰিক্রমা বিভাগে সদৰী কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷
ইমানৰ পাছতো আজিও কেইবাটাও সংগঠনে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ যোৱা কেইবা দশক ধৰি টাই-আহোম জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিজেপিয়ে গাদীলৈ অহাৰ পূৰ্বে জনজাতিকৰণ কৰাৰ কথা গৈছিল যদিও বিজেপিয়ে এতিয়া মূৰ পোলোকা মৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ‘মৰিলে মৰি যাম, জনজাতিকৰণ কৰি যাম’ শ্ল’গানেৰে উত্তাল কৰি ৰাখিছে সংগঠনকেইটাই৷ অসমত ক্ষমতালৈ আহিলে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে।
কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভৰিৰে মোহাৰি পেলাইছে। পূৰ্বৰ চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দিও ছয় জনগোষ্ঠীৰ জনজাতি কৰণ নকৰিলে। কিন্তু বিজেপিয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যাৰ ফলত বিজেপিয়ে অসমত নিৰ্বাচনী বৈতৰণী পাৰ হৈ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাই আহোমকে প্ৰমূখ্য কৰি অসমৰ মৰাণ, মটক, চুটীয়া, আদি ছয়টো জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।
যাৰ ফলস্বৰূপে ক্ষোভিত হৈ ২৭ ডিচেম্বৰ বুধবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। আটাছুৰ অসম বন্ধৰ কাৰ্যসূচীত মুকলি সমৰ্থন জনাইছে জাতীয় সংগঠন সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমে। অসম বন্ধৰ প্ৰতি সকলো অসমবাসী ৰাইজক সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায়। সংগঠনটোৰ এই সহযোগিতাৰ কথা প্ৰকাশ কৰে জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দেৱজীত দত্তই।
আটাছুৰ অসম বন্ধৰ প্ৰতি সমৰ্থন জনাই সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজীত দত্তই বিজেপি চৰকাৰখন যে মিছলীয়া সেই কথা প্ৰমাণিত হৈছে বুলি কয়। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অসমত চৰকাৰ গঠন কৰি এতিয়া পাভলুটি মাৰিলে বিজেপি দলে।
নিৰ্বাচনৰ আগতে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হৈ অসমত চৰকাৰ গঠন কৰাৰ পিছত অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বিপৰীতে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক সংখ্যলঘু কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ দৰে অসমীয়া জাতি ধ্বংসী বিধেয়কহে আনিছে বুলি ক্ষোভ উজাৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে।
তাৰ লগতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সমূহক যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজি পৰ্যন্ত পুৰণ নকৰাটো সঁচাকৈয়ে দূৰ্ভাগ্যজনক বুলি কয়৷ তাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই।