
নগাঁওঃ নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ এক বৃহত্তৰ অঞ্চল সামৰি ১৯৬৬ চনত প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শিক্ষাৰ জ্যোতি বিলাই সগৌৰবে ৫০ বছৰ গৰকা উপলক্ষে ইয়াৰ সোণালী জয়ন্তী উৎসৱ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে মঙলবাৰৰ পৰা আৰম্ভ হয়৷ এই মৰ্মে প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ লগতে অভিভাৱক, স্থানীয় ৰাইজ তথা আমন্ত্ৰিত অভ্যাগতসকলৰ উপস্থিতিৰে উৎসৱস্থলীত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে৷

পুৱা ৮ বজাত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মহেন্দ্ৰ বৰদলৈৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৫০ গছি বন্তি প্ৰজ্বলনেৰে উৎসৱৰ কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ বদন চন্দ্ৰ লস্কৰৰ লগতে শ্বহীদ চন্দন সিং, কৰম সিং আৰু বলিন্দ্ৰ মজুমদাৰৰ পৰিয়ালবৰ্গৰ দ্বাৰা শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ পুৱা ১০ বজাত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে সোণালী জয়ন্তীৰ মূল পতাকা স্থানীয় বিধায়ক ৰূপক শৰ্মাই উত্তোলন কৰাৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয়৷
ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰয়াত শিক্ষাগুৰু, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ ভূমিদাতা, গৃহদাতা তথা সামগ্ৰিক উন্নয়ণত জড়িত বিশিষ্ট ব্যক্তিসকলৰ সোঁৱৰণত প্ৰাক্তন শিক্ষাগুৰু ঘনশ্যাম দাস আৰু প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ জীতেন্দ্ৰ নাথ ডেকাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ পুৱা ১১ বজাত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত ৰবিন্দ্ৰ নাথ বায়ন সোঁৱৰণী মূল মণ্ডপ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰ মোহন ডেকাই উন্মোচন কৰাৰ অন্তত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণ কুমাৰ ডেকাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত বিদ্যালয়ৰ ভূমি, গৃহ, তোৰণদাতা আৰু বিদ্যালয়ৰ ২৩ জনীয়া সমিতিৰ পৰিয়ালবৰ্গক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিয়লি ২ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ তথা জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খৰ্গ লস্কৰৰ সঞ্চালনাত 'প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি মিলন' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
বিদ্যালয়ৰ প্ৰাক্তন উচ্চবৰ্গ সহায়ক দৰবাৰ সিঙে শুভ উদ্বোধন কৰা অনুষ্ঠানত দূৰ-দূৰণিৰ পৰা আহি সমবেত হোৱা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিগত স্কুলীয়া জীৱনৰ সোণালী দিনবোৰৰ কথা ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে৷ সন্ধ্যা বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰাৰ লগতে নিশাৰ ভাগত আয়োজিত প্ৰাক্তন শিক্ষাগুৰু প্ৰয়াত তগৰ শৰ্মা সোঁৱৰণী নাট্যানুষ্ঠানত বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙৰ ৰছনা আৰু দিলীপ লস্কৰৰ পৰিচালনাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অভিনয়েৰে সামাজিক নাটক 'ফুল চন্দন তুলসী' প্ৰদৰ্শনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পেলোৱা হয়৷