জনজাতিকৰণ, উজনিত বন্ধৰ ব্যাপক প্ৰভাৱ

ডিব্ৰুগড়ঃ সদৌ টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ কৰাৰ দাবীত বুধবাৰে পুৱাৰে পৰা আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে উজনি অসমত৷ উজনিৰ কেইবাখনো জিলাত বুধবাৰে পুৱাৰে পৰা শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল বন্ধ হৈ পৰা দেখা যায়৷

একাংশ বন্ধৰ সমৰ্থকে পুৱাৰে ৰাজ পথলৈ ওলাই আহি গাড়ী মটৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে পথত টায়াৰ জ্বলাই ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০১৪ চনত লোকসভা নিৰ্বাচনত টাই আহোম জনগোষ্ঠীকে ধৰি ৬ জনগোষ্ঠীক বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ প্ৰুতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে৷

বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ ৪ বছৰ পাৰ হ’বৰ হ’ল যদিও আজিলৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বুলি কয়৷ আনহাতে আটাছুৰ অসম বন্ধক মুকলি সমৰ্থন জনাইছে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনে৷ নিৰ্বাচনী বৈতৰণী পাৰ হৈ অসমত চৰকাৰ গঠন কৰাৰ পিছত অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বিপৰীতে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক সংখ্যলঘু কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী জনায়৷