জনজাতিকৰণৰ দাবীত বন্ধ, শিৱসাগৰত বন্ধৰ ব্যাপক প্ৰভাৱ

শিৱসাগৰঃ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায় শিৱসাগৰ জিলাত৷ বন্ধৰ সময়ছোৱাত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল বন্ধ থকা দেখা যায়৷

একাংশ বন্ধৰ সমৰ্থকে পুৱাই ৰাজ পথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ অখিল গগৈৰ মুক্তি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, নাগৰিকত্ব সংশোধনি বিধেয়ক ২০১৬ৰ বতিল কৰাৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধক ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনে সমৰ্থন জনায়৷

টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা অশ্বিনী চেতিয়াই অখিল গগৈৰ দৰে এক সংগ্ৰামীক ষড়যন্ত্ৰ কৰি চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি কয়। আনহাতে কংগ্ৰেছ আৰু বিজেপি দুইখন চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত অৱহেলা কৰি আহিছে বুলি কয়৷

অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে চৰকাৰে যি জাতি দ্ৰোহী সিন্ধান্ত লৈছে কোনো কাৰণতে এই সিন্ধান্তক মানি লোৱা নহ’ব আৰু হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব দিয়া নহ’ব বুলি কয় নেতাগৰাকীয়ে৷ চৰকাৰে বন্ধৰ কাৰ্যসূচীক ভয় কৰি সুবিধাবাদী চক্ৰৰ জৰিয়তে খবৰ কাগজত বন্ধ কাৰ্যসূচী বাতিল কৰা বুলি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে চেতিয়াই।