চোৰৰ মৰসাহ, ঘৰৰ চৌহদৰ পৰা উলিয়ালে নিলে বলেৰ’

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বিহালীঃ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে বাসগৃহৰ পৰা এখন বলেৰ’ চুৰি হোৱাৰ ঘটনাই চীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত৷ আৰক্ষীয়ে গিজগিজাই থকা বিশ্বনাথ জিলাৰ বিহালীৰ বেদেতীৰ পৰা নিশা বলেৰ’ চুৰি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মঙলবাৰে নিশা বেদেতীৰ সুমন সৰকাৰ নাম ব্যৱসায়ীগৰাকীৰ নিজ গৃহৰ পৰাই বলেৰ’ খন চুৰি হয়৷ প্ৰায় এমাহ পূৰ্বে কিনি অনা বগা ৰঙৰ নম্বৰপ্লেট বিহীন বলেৰ’ খন সুমন সৰকাৰে নিজ ঘৰৰ চৌহদত প্ৰতিদিনে থোৱা ঠাইতে মঙলবাৰে নিশাও ৰাখি কয়৷

তাৰ পিছতে পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি নিদ্ৰাত লালকাল হয়৷ তেনে সময়তে ঘৰৰ চৌহদৰ পৰা কোনো দুৰ্বৃত্তই চুৰি কৰে নতুন বলেৰ’ খন৷ পুৱা ব্যৱসায়ী সুমন সৰকাৰে শোৱা পাটিৰ পৰা উঠি গাড়ী খন নেদেখাত হুৱাদুৱা লাগে। বিহালী আৰক্ষীক অৱগত কৰাত ব্যৱসায়ী জনৰ বাসগৃহত বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও গাড়ী খনৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।