গুণোৎসৱত নৱম স্থানত ওদালগুৰি, আশানুৰূপ নহ'ল ফলাফল

ওদালগুৰিঃ গুণোৎসৱত আশানুৰূপ ফলাফল নহ’ল ওদালগুৰি জিলাত৷ বুধবাৰে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰা অনুযায়ী ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হ'ল ওদালগুৰি জিলা। ১০ আৰু ১৩ অক্টোবৰত ১২খন জিলাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ওদালগুৰি জিলাৰ ১৪০২খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হয়।

জিলা খনৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ ৫৫৭খন বিদ্যালয়, ওদালগুৰি শিক্ষা খণ্ডৰ ৪৯৬খন আৰু মাজবাট শিক্ষাখণ্ডৰ ৩৪৯খন বিদ্যালয়ে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত অংশগ্ৰহণ কৰিছিল। গুণোৎসৱত জিলাখনৰ ৪৭৭১গৰাকী শিক্ষকৰ বিপৰীতে ৮০৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কিন্তু বুধবাৰে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাপলে নিৰাশ কৰে বহু লোকক৷

অতি কষ্টৰে দিনে নিশাই শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক উৎসাহেৰে গুণোৎসৱৰ কাৰ্যসূচী সমাপন কৰিছিল যদিও আশা কৰা মতে ফল নাহিল যদিও পুনৰ ভাল ফলাফলাৰ বাবে প্ৰস্তুতি চলাবলৈ সাজু হৈছে শিক্ষানুষ্ঠানসমূহ৷ জিলাখনৰ ৬৭খন বিদ্যালয়ে এ+ গ্ৰেড, ৩৩৪খন বিদ্যালয়ে এ গ্ৰেড, ৪৮৪খন বিদ্যালয়ে বি গ্ৰেড, ৩২৭খন বিদ্যালয়ে চি গ্ৰেড আৰু ১৯৭খন বিদ্যালয়ে ডি গ্ৰেড পাবলৈ সক্ষম হয়। অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ১২খন জিলাৰ ভিতৰত ওদালগুৰি জিলাখনে নৱম স্থান দখল কৰে।