কলা হীৰাৰ কলা ব্যৱসায়, দিছপুৰে তোমালোকে জানে নে নাই

লিডুঃ অৰুণাচল প্ৰদেশৰ চাংলাং আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজিও অব্যাহত আছে কয়লাৰ অবৈধ ব্যৱসায়৷ অৰুণাচলৰ চাংলাঙৰ খাৰচাংত মকলি ভাৱে একাংশ লোকে কয়লাৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে আমাৰ ৰাজ্য খনৰ তিনিচুকীয়া দিলাৰ মাৰ্ঘেৰিটা মহকুমাত লাখ লাখ টকা অবৈধ তয়লাৰ ব্যৱসায় অব্যাহত আছে৷

দুয়ো ৰাজ্যৰ সীমামূৰীয়া এলেকাত অব্যাহত আছে চোৰাং কয়লাৰ ব্যৱসায়৷ বিভিন্ন মহলে এই দাবী উত্থাপন অহাৰ সময়তে চোৰাং কয়লাৰ বৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতি। সংগঠনটোৱে এক বিবৃতি যোগে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰ বুলি কথা ই প্ৰতি ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে লিডু-মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইত অব্যাহত থকা চোৰাং কয়লাৰ বেহাৰ কথা অৱগত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

মাৰ্ঘেৰিটাৰ পৰা নিতৌ অসমৰ বিভিন্ন ঠাইলৈ কোটি কোটি টকা ৰাজহ ফাকিৰে চোৰাং কয়লা সৰবৰাহ হৈ আহিছে যদিও গভীৰ নিদ্ৰাত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ কৰ্তৃপক্ষ তথা মাৰ্ঘেৰিটা প্ৰশাসন। চোৰাং কয়লা ব্যৱসায়ীসকলে উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ অধিনৰ পাইকাই পাহাৰৰ বুকুত অবৈধ ভাৱে চোৰাং কয়লা খনন কৰি ব্যাপক বন ধংস যজ্ঞত লিপ্ত হোৱা বুলি ক্ষোভ উজাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে।

অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ লগতে লিডু মাৰ্ঘেৰিটাত চলি থকা কলাহীৰাৰ কলা ব্যৱসায়ত অসম বিভিন্ন ঠাইৰ পৰা বহু শ্ৰমিক হায়াৰ কৰি আনি কয়লাৰ খনন কাৰ্যত নিয়োগ কৰিছে৷ কয়লা সমূহ যি সকল শ্ৰমিকে খনন কৰে তেওঁলোকক প্ৰতি টনত ৭০০ৰ পৰা ১০০০ টকাৰ লৈকে মজুৰি দিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা লক্ষজ্যোতি গগৈয়ে এখন 02(a)/PIR 4389 নম্বৰৰ এখন আৰটিআই আবেদন মৰ্মে লাভ কৰা তথ্য এই কথা পোহৰলৈ অহা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে।

সংগঠনটোৱে বিগত সময়ত চোৰাং কয়লা ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানাত পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে। সংগঠনটোৰ নেতাগৰাকীয়ে শীঘ্ৰে লিডু মাৰ্ঘেৰিটাৰ চোৰাং কয়লা ব্যৱসায় আৰু চুৰি কাৰ্যত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাই অন্যথাই সংগঠনটোৱে খোদ ব্যৱস্থা  গ্ৰহণ কৰিব সকীয়াই দিয়ে৷