চাছৰ উদ্যোগত কোৰাণ পঢ়া প্ৰতিযোগিতা

মোৰাঝাৰঃ হোজাইৰ বৰহাওৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান চাছ পাব্লিচাৰৰ উদ্যোগত পবিত্ৰ কোৰাণ পাঠ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে৷

অহা ৬ আৰু ৭ জানুৱাৰীত বৰহাৱৰ মৰ্কজ জামে মছজিদত অনুষ্ঠিত হ’ব কোৰাণ পাঠ প্ৰতিোগিতা৷

চাছৰ উদ্যোগত আৰু মৌডংঙা আঞ্চলিক জমিয়তৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ৫৩ খন মোক্তাৱৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব।