
নামতিঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নামতি সমিতিৰ সপ্তম সংখ্যক প্রতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কার্যসূচীৰে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতি ক্লাৱত অনুষ্ঠিত হৈ যায়। পুৱা নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ছামচুল হুছেইনে পতাকা উত্তোলনেৰে উদ্বোধন কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে বৃক্ষ ৰোপন কৰে প্রাক্তন অধ্যক্ষ ইন্দেশ্বৰ চেতিয়াই।
প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কণ-কণ শিশুৰ মাজত অনুষ্ঠিত জ্যোতি সংগীত প্রতিযোগিতা উদ্বোধন কৰে প্রাক্তন অধ্যক্ষ বুধীন্দ্র নাথ ভট্টাচার্যই। আনহাতে দুপৰীয়া ১২ বজাৰ পৰা অৱসৰ প্রাপ্ত শিক্ষক তথা সন্মিলনৰ সভাপতি ছামচুল হুছেইনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভা উদ্বোধন কৰে শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি দেৱেন বৰুৱাই।
অভ্যর্থনা সমিতিৰ সভাপতি ইন্দেশ্বৰ চেতিয়াই আদৰণি ভাষন আগবঢ়োৱা সভাখনত নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক তথা নামতিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য উপদেষ্টা দূর্গা বৰা জ্যেষ্ঠ নাগৰিক গঠনৰ আঁৰৰ কাহিনী ব্যাখ্যা কৰি বক্তব্য আগবঢ়ায়। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্রাক্তন অধ্যক্ষ, ৰাজ্যিক শিক্ষা সচিব দিলীপ বুঢ়াগোঁহাইয়ে সন্মিলনৰ ইতিবৃত্তি দাঙি ধৰে।
সভাখন সাফল্যমণ্ডিত কৰি ৰখাৰ উদ্দেশ্যে ভৈৰৱী গগৈয়ে নাতে ৰচুল পৰিৱেশণ কৰাৰ পাছতেই বৃহত্তৰ নামতি অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰতো প্রস্তাৱ গ্রহণ কৰে। "অনুভৱ" শীর্ষক অনুষ্ঠানত ৮৫ বছৰৰ উৰ্দ্ধৰ অঞ্চলটোৰ পাঁচজন বিশেষ ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷
সভাত সন্মিলনৰ শিৱসাগৰ জিলাৰ সম্পাদক প্রেম গগৈ, সমাজ কর্মী নাথুৰাম দত্ত, অধিবক্তা মহেন্দ্র ভূঞা, নামতি আঞ্চলিকৰ সম্পাদক তথা প্রাক্তন অধ্যক্ষ, বাণীকান্ত গগৈৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্রাক্তন প্রধান শিক্ষক চফিউৰ ৰহমানে আঁত ধৰা বঁটা বিতৰণি অনুষ্ঠানৰ পাছতেই সভাখনত শলাগৰ শৰাই আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক ৰত্নেশ্বৰ ঢেকিয়াল ফুকনে।