উৎফুল্লিত আহোমৰ ৰাজধানী, গুণোৎসৱত প্ৰথম স্থানত শিৱসাগৰ

গৌৰীসাগৰঃ বুধবাৰে গুৱাহাটী মহানগৰীত সংবাদমেল অনুষ্ঠিত কৰি গুণোৎসৱৰ ফলাফল ঘোষণা কৰাৰ পিছতে একালৰ আহোমৰ ৰাজধানী এতিহ্যমণ্ডিত শিৱসগাৰ জিলাৰ সৰ্বপ্ৰকাৰৰ লোক আনন্দিত-উৎসাহিত হৈ পৰে৷ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা খনৰ বাবে ভাল খবৰটো ঘোষণা কৰাৰ ফলত জিলা খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰশাসনৰ লোকসকল আনন্দ পৰ্কাশ কৰে৷ গুণোৎসৱত আশা কৰা ধৰণে ফলাফল লাভ কৰাত উৎফুল্লিত হৈ পৰে শিৱসাগৰ জিলাৰ শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী৷

বুধবাৰে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰা অনুযায়ী ভাল প্ৰদৰ্শন কৰে শিৱসাগৰ জিলাই। ১০ আৰু ১৩ অক্টোবৰত ১২খন জিলাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলে ক্ৰমাৎ শৈক্ষিক উত্তৰণ হৈছে বুলি কব পাৰি উজনি অসমৰ অন্যতম জিলা শিৱসাগৰৰ৷ কিয়নো ১৩ জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে আহোমৰ ৰাজধানী শিৱসাগৰ জিলাই৷ গুণোৎসৱৰ ফলাফলে আনন্দৰ জোৱাৰ আনে শিৱসাগৰ জিলালৈ৷ প্রথম স্থান দখল কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক সকল৷

বিদ্যালয় সমূহৰ গুণগত মানদণ্ড উন্নত কৰাৰ ক্ষেত্রত আদৰণি জনাই আয়োজন কৰা ফলাফলে ৰাজ্যখনত উখল মাখল পৰিবেশৰ সৃষ্টি হয়৷ জিলাখনৰ ১৪৭১ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ৩৯৬ এ প্লাছ গ্ৰেড, ৫৮৫ এ গ্ৰেড, ৩১০ বি গ্ৰেড, ১৩৪ চি গ্ৰেড, ৪৬ ডি গ্ৰেড লাভ কৰে৷ বুধবাৰে সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱে প্ৰাথমিক শিক্ষাত বিশেষ প্ৰভাৱ পেলাইছে বুলি কয়। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ফলাফল যথেষ্ট উন্নত হৈছে বুলি কৈ ১১ লাখ ২০ হাজাৰ ৯৬৭ শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয় গুণোৎসৱত।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত A+ পোৱা স্কুলৰ সংখ্যা ১,৬৭২খন, A গ্ৰেড পোৱা স্কুল ৫,৪৮০খন, B গ্ৰেড পোৱা স্কুলৰ সংখ্যা ৬,০৪৭খন, C গ্ৰেড পাইছে ৩,৬৩৮ খনে আৰু D পাইছে ১,৯৭৪ খন বিদ্যালয়ে। A+ পোৱা স্কুলৰ হাৰ ৯ শতাংশ বৃদ্ধি পাইছে বুলি মন্তব্য শিক্ষা মন্ত্ৰীগৰাকীয়ে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ১২খন জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে শিৱসাগৰ জিলাই।

শিৱসাগৰৰ ৩৯৬ খন বিদ্যালয়ে পাইছে A+ গ্ৰেড। আটাইতকৈ শোচনীয় প্ৰদৰ্শন ডিমা হাছাও জিলাৰ। জিলাখনৰ মাত্ৰ ৯খন স্কুলেহে পাইছে A+ গ্ৰেড। ১৮,৮১১খন বিদ্যালয়ত অনুষ্ঠিত হোৱা ২য় পৰ্যায়ৰ গুণোৎসৱত ১,৩৭,৯৫৯ শিক্ষাৰ্থীয়ে পাইছে A+ গ্ৰেড। শীৰ্ষত আছে ক্ৰমে শিৱসাগৰ, তিনিচুকীয়া, কামৰূপ গ্ৰাম্য আৰু কাছাৰ জিলা। A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যা প্ৰথম পৰ্যায়ৰ তুলনাত ৫ শতাংশ বৃদ্ধি পাইছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত শিক্ষকৰ নাটনি সমাপ্ত হোৱাৰ পথত, গুণোৎসৱৰ পিছত নিযুক্তি দিয়া হৈছে ১৪ হাজাৰ শিক্ষকক’ সংবাদমেলত মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাৰ।